সৰুপেটা লেখিকা সমাৰোহ সমিতিৰ সাহায্য বিতৰণ

সৰুপেটা লেখিকা সমাৰোহ সমিতিৰ সাহায্য বিতৰণ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ এপ্ৰিলঃ গোটেই বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ৰোণা ভাইৰাছৰ ফলত দেশত লক্ ডাউন ঘোষণা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই লক্ ডাউনৰ সয়ছোৱাত বহু অঞ্চলতে খাদ্য নাটনিৰ লগতে আৰ্থিক সংকটো আহি পৰা দেখা গৈছে। এইক্ষেত্ৰত বহুতো হৃদয়ৱান লোকে আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। অলপতে সৰুপেটা লেখিকা সমাৰোহ সমিতিয়েও সৰুপেটা অঞ্চলৰ ভালেখিনি দুখীয়া লোকৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে। প্ৰাক্তণ অধ্যাপিকা তথা বিশিষ্টা লেখিকা ড° অমিয়া মহন্তৰ নেতৃত্বত  সৰুপেটা লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়াই সৰুপেটা অঞ্চলৰ দুখীয়া লোকৰ মাজত খাদ্য-সামগ্ৰী, মাক্স, চাবোন আদি বিতৰণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা