নামনি অসমৰ শীৰ্ষ আৰক্ষী বিষয়া- কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে আৰক্ষী সঞ্চালকপ্ৰধানৰ সভা

অসমৰ মুখ্যমন্ত্ৰী -স্বাস্থ্যমন্ত্ৰীৰ উৎসাহজনক নেতৃত্বৰ দ্বাৰা আমিও উদ্বুদ্ধ হৈ ৰাইজৰ সেৱা কৰি যাবলৈ সাজু হৈছো - ভাস্কৰজ্যোতি মহন্ত


ভৱিষ্যতে কি কি দিশত অগ্ৰাধিকাৰ দিব লাগিব তাৰ বাবে সাজু হ'ব লাগিব 


বিগত এমাহত ৰাজ্যখনত হ্ৰাস পাইছে অপৰাধমূলক ঘটনা 


বঙাইগাঁওঃ ২৪ এপ্ৰিলঃ কোৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো লকডাউন চলি আছে ৷ এই লকডাউন সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ অহৰহভাৱে কৰ্তব্য পালন কৰি গৈছে অসম আৰক্ষী ৷ কিন্তু এনে বিপদমূলক পৰিস্থিতিত আৰক্ষীৰ লোকসকলক উৎসাহ যোগোৱাতোও হৈ পৰিছে জৰুৰী ৷ লগতে বৰ্তমানৰ পৰিস্থিতিত আৰক্ষীৰ লোকসকলে কৰ্তব্য পালন কৰাৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি আৰু  তেওঁলোকৰ মনৰ ভাব কি আদি কথাবোৰ জনাৰ দৰকাৰ হৈ পৰিছে উৰ্ধতম আৰক্ষী বিষয়াৰ বাবে ৷ ফলত এনেবোৰ কাৰণতে আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালা, পশ্চিম অসম সংমণ্ডলৰ ডি আই জি পৈণত আলী হাজৰিকাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা- মানকাচাৰকে ধৰি সাতখন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ উপৰিও অসম আৰক্ষীৰ বিভিন্ন বেটেলিয়ণৰ কমাণ্ডডেণ্ট, অন্যান্য আৰক্ষী বিষয়া, গৃহৰক্ষী জোৱান আদিৰ উপস্থিতিত এখন সভা অনুস্থিত কৰে ৷ চিৰাং জিলাৰ চাপাগুৰিস্থিত হোটেল ছিগনেট পাৰ্কৰ সভাকক্ষত অনুষ্ঠিত হয় এই সভা ৷ এই সভাৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে ইয়াত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে ৷ কাৰণ বৰ্তমান পৰিস্থিতিত আমি  আৰক্ষীৰ লোকসকলৰ সুৰক্ষা আদিৰ
বাবে এটা প্ৰট'কল বনাই আছো ৷ ইয়াত এই বিষয়ে সজাগ কৰা হৈছে ৷ 
লগতে কোনটো সময়ত আৰক্ষীৰ লোকে পিপিই কিট পিন্ধিব লাগিব আদি বিষয়বোৰ অৱগত কৰা হৈছে ৷ এই সভাৰ মূল উদ্দেশ্য আছিল বিশেষকৈ এই সময়চোৱাত আৰক্ষীৰ লোকসকলৰ মনত আত্মবিশ্বাসতো জোগাই তোলাৰ বাবে তেওঁ লোকে কি কি কৰা উচিত, সেই বিষয়বোৰ আলোচনা কৰা ৷ মই বৰ সুখী যে আৰক্ষীৰ লোকসকলৰ মনত আমি কিদৰে আত্মবিশাসতো জগাই তুলিব বিচাৰো সেইখিনি তেওঁলোকে ধুনীয়াকৈ প্ৰকাশ কৰিছে ৷ কাৰণ তেওঁলোকে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে জিলাসমূহৰ আৰক্ষী অধীক্ষক ,বেটেলিয়নৰ কমাণ্ডডেণ্টৰ পৰা সহযোগিতা লাভ কৰিছে ৷ সভাত বঙাইগাঁও, চিৰাং , কোকৰাঝাৰ ,বৰপেটা , গোৱালপাৰা , ধুবুৰী আদি  জিলাৰ আৰক্ষী অধীক্ষকসকলৰ লগতে হাবিলদাৰ , এ এচ আই , অষ্টম অসম আৰক্ষী বাহিনীৰ লগতে জিলা কেইখনত থকা বেটেলিয়নৰ কমাণ্ডডেণ্টসকল, এ বি আই , এচ এম তথা অন্যান্য বৰ্গৰ কৰ্মচাৰী, চিপাহীৰ  উপৰিও আনকি গৃহৰক্ষী বাহিনীৰ জোৱানসকলকো সভালৈ মাতিছিলো জিলাসমূহৰ প্ৰতিনিধি হিচাপে ৷ মই এই সভাৰ জৰিয়তে তেওঁলোকৰ মনৰ ভাব জানিবলৈ চেষ্টা কৰিছো ৷ এই সভাৰ পিছত মোৰ নিজৰ মনত আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় জাগিছে যে তেওঁলোকৰ মন ভালে আছে আৰু এই বিপদৰ সময়ত তেওঁলোকে উৎসাহেৰে অসমবাসীক সেৱা কৰাৰ বাবে আনন্দ মনেৰে আছে ৷ সঞ্চালকপ্ৰধানগৰাকীয়ে সংবাদমেলত আৰু কয় যে সভাত গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক তেওঁৰ অভিজ্ঞতাৰ বিষয়ে ক'বলৈ কৈছিলো ৷ গোৱালপাৰা জিলাক ইতিমধ্যে ৰেড জ'ন হিচাপে ঘোষণা কৰা আছে ৷ ধুবুৰী জিলাও ৰেড জ'নত আছে ৷ গতিকে যদিহে বাকী জিলাতো এই ৰোগত লোক আক্ৰান্ত হৈ জিলা কেইখন ৰেড জ'নত অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে বাকীকেইখন জিলাৰ আৰক্ষী অধীক্ষকসকলে কি কি প্ৰট'কল মানি চলিব লাগিব সেই বিষয়ে আলোচনা কৰা হয় ৷ আমি আত্মবিশ্বাসী যে আমাৰ ফালৰ পৰা যিখিনি সহযোগিতা কৰিব লাগে আমি সেইখিনি কৰিব পাৰিছো বুলি ভাবিছো ৷ কৰিবলগীয়া নিশ্চয় আৰু বহুতো থাকিব ৷ তথাপি আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰো সেইখিনি কৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰী ,স্বাস্থ্যমন্ত্ৰীৰ উৎসাহজনক নেতৃত্বৰ দ্বাৰা আমিও উদ্বুদ্ধ হৈ ৰাইজৰ সেৱা কৰি যাবলৈ সাজু হৈছো ৷ ইপিনে আৰক্ষীৰ লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ১৫ দিন মান আগতে অসম পুলিচৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰথম ষ্টলমেণ্ট হিচাপে কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ছেনিটাইজাৰ ,মাক্স,স্প্ৰে মেচিন ,ছ'ডিয়াম ডাইড্ৰ ক্ল'ৰাট, ব্লিচিং পাউদাৰ আদি প্ৰতিখন জিলাৰ আৰক্ষী চাউনি, আৰক্ষী বেৰেক, আবাসিক কলনি, বিভিন্ন বেটেলিয়নৰ লগতে বন বিভাগত কাম কৰা আৰক্ষীৰ কৰ্মীসকল আৰু গৃহৰক্ষী জোৱান সকলোলৈকেও এই সামগ্ৰীসমূহ দিয়া হৈছে ,যাতে তেওঁলোকে ভালে থাকিব পাৰে আৰু  এই সময়ত সুৰক্ষামূলক ব্যৱস্থাখিনি ল'ব পাৰে ৷ আনহাতে ২২ এপ্ৰিলত প্ৰতিখন জিলালৈ বুলি আৰু এটা ষ্টলমেণ্ট প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে হয়তো পাইছে ৷ আনহাতে উন্নতমানৰ দুহেজাৰ পিপিই কিট অনা হৈছিল আৰু তাৰ ভিতৰত প্ৰায় পোন্ধৰশমান বিতৰণ কৰা হৈছে বুুুুলিও কয় ৷

ইপিনে সংবাদমেলত সাংবাদিকে বৰ্তমান পৰিস্থিতিত ৰাজ্যখনত অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে নে হ্ৰাস পাইছে বুলি প্ৰশ্ন কৰাত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে বিগত এমাহত ৰাজ্যখনত অপৰাধমূলক ঘটনা হ্ৰাস পাইছে ৷ সাধাৰণ অপৰাধমূলক ঘটনা কমি গৈছে আৰু যিটো ভাল কথা ৷ কিন্তু তাৰ মাজতো আমি আৰক্ষী অধীক্ষকসকলৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকলক কৈছো যে আমি ভৱিষ্যতে কি কি দিশত অগ্ৰাধিকাৰ দিব লাগিব তাৰ বাবে সাজু হ'ব লাগে ৷ কাৰণ কোভিড- ১৯ ৰ বাবে অৰ্থনৈতিক দিশত হোৱা ক্ষতিৰ ফলস্বৰূপে কেনেকুৱা অপৰাধজনিক ঘটনা গা কৰি উঠিব পাৰে বা আমাৰ সামাজিক অৱস্থাতো কি হ'ব পাৰে তাৰ ওপৰত এটা অধ্যয়ণ কৰাৰ প্ৰয়োজনবোধ কৰিছো ৷ এই বিষয়টো অধ্যয়ণ কৰাৰ বাবে ইতিমধ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ববিদক মাতিছো আৰু আলোচনা কৰিছো ৷ আৰক্ষীৰ বাবে কিছুমান প্ৰত্যাহ্বান আহিব ৷ কিন্তু এই মুহুৰ্তত অপৰাধমূলক ঘটনা নিয়ন্ত্ৰণত আছে ৷ আনহাতে গাৰ্হস্থ্য হিংসাজনিত ঘটনা সন্দৰ্ভত সাংবাদিকৰ আন এক প্ৰশ্নত্তোৰত তেওঁ কষ্ট যে অসম আৰক্ষীয়ে ইতিমধ্যে ছয়টা মেন্টেল হেল্ড হেল্প নম্বৰ দিছো ৷ ইয়াত আমাৰ ছগৰাকী প্ৰফেচনেল টেলি কাউন্সিলাৰ আছে আৰু তেওঁলোকে টেলিফোনিক কাউন্সিলিং কৰে ৷ গাৰ্হস্থ্য হিংসাই হওক বা কোনোবাৰ মনত যদি আত্মহত্যাৰ প্ৰৱণতা জাগিছে , কাৰোবাৰ ঘৰত যদি মানসিক অশান্তি হৈছে আদি এনেকুৱা সমস্যাবিলাকত ভোগা লোকসকলক ফোন কৰিবলৈ আহ্বান জনাইছিলো আৰু যথেষ্ট ফোন আহিছে ৷ এই প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবঢাই নিছে এই দিশটোৰ লগত জড়িত থকাসকলে ৷ অৱশ্যে আমাক জানিবলৈ দিয়া মতে গাৰ্হস্থ্য হিংসা জনিত সমস্যা কিছু আহিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা