বি জে পি গোলাঘাট জিলা সমিতিৰ সম্বৰ্ধনা

বি জে পি গোলাঘাট জিলা সমিতিৰ সম্বৰ্ধনা : গোলাঘাট,২৮ এপ্ৰিল :  ক'ৰণা যুদ্ধৰ কালছোৱাত জৰুৰীকালীন সেৱাত নিয়োজিত অন্যতম এটা শ্ৰেণী হৈছে সাংবাদিক সকল। ক'ৰণা সংক্ৰমণ হোৱা এলেকা অথবা ক'ৰণা ৰোগীৰ চিকিৎসা চলি থকা চিকিৎসালয়ত গৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ আৰু ৰাইজৰ সেৱাত নিয়োজিত এই সাংবাদিক সকলৰ কষ্ট আৰু ত্যাগক সন্মান জনাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিয়ে গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ।  বিজেপি গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজসেৱক দেৱজিৎ বৰাৰ নেতৃত্বত দলটোৰ বৰ্তমানৰ জিলা সমিতিৰ বিষয়ববীয়া সকলে ঐতিহ্যমণ্ডিত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় প্ৰাংগণত গোলাঘাট সদৰৰ কেইবাজনো সাংবাদিকক একোখন ফুলাম গামোচা আৰু মাস্ক প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে।  এই কাৰ্যসূচীত গোলাঘাট জিলা বিজেপিৰ প্ৰাক্তন সভাপতি দেৱজিৎ বৰা,  প্ৰাক্তন সাধাৰণ সম্পাদক সীমান্ত বৰা,  বৰ্তমানৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাস,  বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।  তেওঁলোকে ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ক'ৰণা ৰোগী থকা গোলাঘাট জিলাৰ সাংবাদিক সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আগবঢ়াই অহা সেৱাৰ শলাগ লয়।  কাৰ্যসূচীত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা,  দিগন্ত ভূঞা,  সমীৰণ দিগন্ত,  সপোন তামূলী,  সাংবাদিক অমিত নাগৰী,  অশোক চাহু, দিগন্ত চাহু,  সিদ্ধাৰ্থ সন্দিকৈ,  মালৱিকা বৰা,  ফটো সাংবাদিক প্ৰশান্ত ভূঞা আৰু কিৰণ কৰ্মকাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।  লগতে বিহুৰ পিঠা পনা,  জলপান আদিও  সাংবাদিক সকলক প্ৰদান কৰে বিজেপি গোলাঘাট জিলা সমিতিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা