সৰুপেটাৰ ক'ৰোণাত আক্ৰান্ত চি আৰ পি এফ জোৱানৰ মৃত্যু

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ এপ্ৰিলঃ  বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোণা ভাইৰাছত আক্ৰান্ত হৈ দিল্লীত কৰ্মৰত ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত সৰুপেটাৰ বড়বৰীৰ নিবাসী ৩১ নং বেটেলিয়নৰ চি আৰ পি এফ জোৱান ইক্ৰাম হুছেইনৰ মৃত্যু হয়। দিল্লীত কৰ্তব্যৰত অৱস্থাত থকা জোৱানগৰাকী যোৱা ২৩ এপ্ৰিলত ক'ভিড-১৯ ত প'জিটিভ চিনাক্ত হৈছিল আৰু যোৱা নিশা দিল্লীৰ ছফৰজং চিকিৎসালয়ত ইক্ৰাম হুছেইনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিব পাৰে৷ উক্ত খবৰ পোৱাৰ পাছতেই অঞ্চলটোত শোকৰ ছাঁ বিয়পি পৰে৷ ইপিনে, জোৱান গৰাকীৰ মৃত্যুত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে। আনপিনে, দুৰ্ভগীয়া পৰিয়ালৰ লোকে মৃতদেহটো নিজ গৃহলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। উল্লেখ্য যে, জোৱানগৰাকীয়ে মৃত্যুৰ সময়ত নিজ পত্নী, দুগৰাকী পুত্ৰ সন্তানকে ধৰি বহুতো আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা