সাংবাদিক - সংবাদকৰ্মীক খাদ্য -সামগ্ৰীৰ টোপলা বিতৰণ
দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আজি পুনৰ চতুৰ্থ বাৰৰ বাবে মহানগৰীত কৰ্মৰত অৰ্ধ শতাধিক সাংবাদিক - সংবাদকৰ্মীৰ মাজত অত্যাৱশ্যকীয় খাদ্য - সামগীৰ টোপলা বিতৰণ কৰা হ'য় ।
দিছপুৰ প্ৰেছ ক্লাবক এই খাদ্য - সামগ্ৰীৰ টোপালা সমুহ যোগান ধৰে Voluntary Association For Social Upliftment( VASU ) য়ে ।
সাংবাদিক - সংবাদকৰ্মীক প্ৰদান কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছিল চাউল , দাইল , আলু , মিঠাতেল আদি ।
উল্লেখ্য যে অসমৰ বিভিন্ন স্থানত কৰ্মৰত আৰ্থিক ভালে স্বচ্ছল নোহৱা সাংবাদিক - সংবাদকৰ্মীক সহায় কৰাৰ বাবে দল - সংগঠনক আগবাঢ়ি আহিবলৈ দিছপুৰ প্ৰেছ ক্লাব আৰু জাফা'ই জনোৱা আহ্বানৰ প্ৰতি বিভিন্ম জনে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ।
Comments
Post a Comment