লক ডাউনৰ মাজতে বৰপেটাত চলিছে চুলাইৰ বেপাৰ

: লক ডাউনৰ মাজতে বৰপেটাত চলিছে চুলাইৰ বেপাৰ :
কঞ্জল দাস,বৰপেটা , ২২এপ্ৰিল : সমগ্ৰ বিশ্বত এতিয়া কৰ'নাতংত। খাদ্যৰ বাবে হাহাকাৰ বিশ্ববাসী। ইয়াৰ মাজতে বৰপেটা জিলাৰ মাজমজিয়াতে চলিছে চুলাইৰ বেহা। যোৱা নিশা প্ৰায় ৯ মান বজাত চক্ৰ বিষয়া নবজিৎ পাঠকৰ এক অভিযানত এখন বাইক আৰু চুলাইৰ টোপোলা সহ এজন লৰাক আটক কৰা হয়। লৰাজনে চলোৱা বাইক খনত জৰুৰী মেডিকেল সেৱাৰ উপৰিও তেওঁৰ ডিঙিত ওলমি থকা আই কাৰ্ড খন অনুযায়ী লৰাজন বৰপেটাৰ লাইফ কেয়াৰ মেডিকোজৰ লেবৰটৰী টেকনিচিয়ান বুলি জানিব পৰা যায়। বৰপেটাৰ ইচ্ছাপুৰহাটিত আটক হোৱা লৰাজন পাটবাউসীৰ নিবাসী ধ্ৰুৱ দাস  বুলি জানিব পৰা যায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা