মহানগৰীৰ সাংবাদিককখাদ্য - সামগ্ৰী বিতৰণ
গুৱাহাটী ১৮ এপ্ৰিল : গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদ মাধ্যম - সংবাদ প্ৰতিষ্ঠানৰ কৰ্মৰত অৰ্ধশতাধিক সাংবাদিক - সংবাদকৰ্মীৰ মাজত আজি গৰিয়া - মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপলা বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায় ।
বিতৰণ কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছে চাউল , দাইল ,মিঠাতেল , বিস্কুট , চাবোন , চাহপাত ,চেনী আদি ।
বিশিষ্ট সমাজসেৱক নুৰুল হ'ক ,এম এইচ চৌধূৰী ,আজনূৰ আলী ,চহিদ আলী আহমেদ আৰু সুৰেশ প্ৰসাদৰ অৰ্থ সাহাৰ্যত পৰিষদৰ মহানগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ইছমাইল আলীয়ে এই সাহাৰ্য বিতৰণৰ ব্যৱস্থা কৰে ।
গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাহাৰ্য বিতৰণত দিছপুৰ প্ৰেছ ক্লাবেও সহযোগিতাৰ হাত আগবঢ়ায় ।
উল্লেখ্য যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত আৰ্থিক ভাৱে স্বচ্ছল নোহৱা সাংবাদিক - সংবাদকৰ্মী সকলোক সহায়ৰ হাত আগবঢ়াবলৈ দিছপুৰ প্ৰেছ ক্লাব আৰু জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমূকৈ জাফাই দল - সংগঠনৰ প্ৰতি আহ্বান জনাইছিল ।
Comments
Post a Comment