কামৰূপ জিলাত লকডাউনৰ সময়ছোৱাত আবদ্ধ বৰ্হিজিলাৰ লোকক নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ পৰিবহন বিভাগ ও কামৰূপ প্ৰশাসনৰ

কামৰূপ জিলাত লকডাউনৰ সময়ছোৱাত আবদ্ধ বৰ্হিজিলাৰ লোকক নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ পৰিবহন বিভাগ ও কামৰূপ প্ৰশাসনৰ

পঙ্কজ নাথ, চাংসাৰি, ২৭ এপ্ৰিল :

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাতো লকডাউনৰ বাবে বহুলোক আবদ্ধ হৈ আছে। এই লোকসকলে যাতে নিজ নিজ গন্তব্য স্থানলৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পৰিবহন বিভাগৰ সহযোগত কামৰূপ জিলাৰ পৰা পোন প্ৰথমে দূৰণিবটীয়া জিলাসমূহলৈ ২৫ এপ্ৰিলৰ পৰা লোকসকলৰ নিজ নিজ ক্ষেত্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমিনগাঁওৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডৰ পৰা ধুবুৰী জিলালৈ প্ৰথম দিনা প্ৰথমখন বাছ আনুষ্ঠানিকভাৱে যাত্ৰা মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই । জিলা খনত এতিয়ালৈকে খবৰ পোৱা অনুসৰি প্ৰায় ৬০০০ যাত্ৰী আবদ্ধ হৈ থকা পুৰুষ মহিলাক এইদৰে আন আন জিলা সমূহলৈ বাছ যোগে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে । এই সমগ্র প্ৰক্ৰিয়াটোত প্ৰায় ৬০০০ লোকে অনলাইন যোগে আবেদন কৰিছে বুলি জানিব পৰা গৈছে । উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ামতে লকডাউনৰ সময়ছোৱাত জিলাখনত আবদ্ধ হৈ থকা লোকসকলৰ মাজৰ পৰা প্ৰথমে দুৰণিবটীয়া যাত্ৰী ও লোকসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। তাৰ পিছতেই ওচৰৰ জিলা সমূহৰ যাত্ৰীসকলক নিজ নিজ ক্ষেত্ৰলৈ প্ৰেৰণ কৰা হব বুলি জনাইছে । প্ৰথম দিনা ২৫ এপ্ৰিলত জিলা খনত আবদ্ধ হৈ থকা শ্ৰমিকসকলক স্বাস্থ্য পৰীক্ষাৰ অন্তত সামাজিক দূৰত্ব মানি সাজু কৰি ৰখা বাছৰ জৰিয়তে পঠোৱা হৈছে। ইয়াৰ পিছত কালি ২৬ তাৰিখৰ পৰা আজি ২৭ তাৰিখলৈকে জিলাখনত আবদ্ধ হৈ থকা অন্যান্য লোক সকলৰ ভিতৰত এই দুদিনত তিনি হাজাৰৰো অধিক লোকক স্বাস্থ্য পৰীক্ষাৰ অন্তত একেই ব্যৱস্থাৰে নিজ নিজ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছে বুলি জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিছে। অসম চৰকাৰৰ নিৰ্দেশত পৰিবহন বিভাগ, কামৰূপ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনে মিলিত হৈ চৰকাৰৰ নিৰ্দেশমৰ্মে অহা ৩০ এপ্ৰিললৈ এই প্ৰক্ৰিয়া চলাই নিব বুলি পৰিবহন বিষয়া গৌতম দাসে অৱগত কৰি কালি ২৮ এপ্ৰিলৰ পৰা প্ৰশাসন ও পৰিবহণ বিভাগৰ অনুমতি লাভ কৰা ব্যক্তিগত বাহনেৰেও জিলাখনত আবদ্ধ হৈ থকা অন্য জিলাৰ লোকসকলে নিজ নিজ গন্তব্য স্থানলৈ যাব পাৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা