ৰঙিয়াৰ বিশিষ্ঠ বস্ত্ৰ ব্যৱসায়ী বিনোদ লুন্দিয়াৰ দেহাৱসানঃ ৰঙিয়াত শোকৰ ছাঁ

ৰঙিয়াৰ বিশিষ্ঠ বস্ত্ৰ ব্যৱসায়ী বিনোদ লুন্দিয়াৰ দেহাৱসানঃ ৰঙিয়াত শোকৰ ছাঁ 

প্ৰতিবেদক, ৰঙিয়া ২০ এপ্ৰিলঃ ৰঙিয়া টাউনৰ নিৱাসী বিশিষ্ট বস্ত্ৰ ব্যৱসায়ী তথা শ্ৰী শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ লুন্দিয়াৰ আজি নিজ বাসগৃহত ৰাতিপুৱা ৮.৪০ মিনিটত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ। লুন্দিয়াৰ মৃত্যুৰ খবৰ পোৱামাত্ৰে ৰঙিয়াত শোকৰ ছাঁ পৰে ।প্ৰয়াত লুন্দিয়া বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ উপৰি লায়নচ্ ক্লাৱ ৰঙিয়া শাখাৰ প্ৰাক্তন কোষাধ্যক্ষ আছিল।মৃত্যুৰ সময়ত তেওঁ পত্নী পুনম দেৱী লুন্দিয়া, দুগৰাকী কন্যা কমল লুন্দিয়া, শিল্পা লুন্দিয়া আৰু পুত্ৰ অংকুৰ লুন্দিয়াক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত অসম চৰকাৰৰ জলসিঞ্চন আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সচিব ৰমেন ডেকা, সাংসদ দিলীপ শইকীয়া,সাংসদ ভুৱনেশ্বৰ কলিতা, প্ৰাক্তন বিধায়ক অনন্ত ডেকা,ঘনশ্যাম কলিতা, বিজেপিৰ যুৱ নেতা সুবল পাল, শ্ৰীশ্ৰী ৰাধা কৃষ্ণ মন্দিৰ পৰিচালনা সমিতি, ৰঙিয়া বাৰোৱাৰী দুৰ্গাপূজা পুৰণি মণ্ডপ সমিতি, ৰঙিয়া জৈন মন্দিৰ পৰিচালনা সমিতি, শিৱ মন্দিৰ সমিতি, লায়নচ্ ক্লাৱ, ৰঙিয়া শাখা, মাৰোৱাৰী যুৱ মঞ্চ,, ৰঙিয়া চেম্বাৰ অফ কমাৰ্চ, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, ৰঙিয়া মহিলা মণ্ডল, বিজেপিৰ ৰঙিয়া নগৰ মণ্ডল,ৰঙিয়া নগৰ ব্লক কংগ্ৰেছ কমিটি, প্ৰাক্তন ৱাৰ্ড কমিছনাৰ প্ৰদীপ কাকতি প্ৰমুখ্যে ভালে সংখ্যক গুণমুগ্ধই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা