সংকতকালৰ বন্ধু "ৰেচকিউ

সংকতকালৰ বন্ধু "ৰেচকিউ"ঃ জিলা চিকিৎসা বিভাগৰ লগতে জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে “ৰেচকিউ”ৰ উল্লেখনীয় পদক্ষেপ 

 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ , ২০ এপ্ৰিল :
সম্প্ৰতি সমগ্ৰ বিশ্বতে কৰ'ণাই মহামাৰীৰ ৰূপ লোৱা কৰ'ণাই “কোভিড-১৯” ৰ আপাতকালৰ সময়ত শিৱসাগৰ জিলাত এক অভাৱনীয় সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছিল ৷ যত সাম্ভাব্য ৰক্ত আৱশ্যক ৰোগীক যোগান ঘৰিবলৈকে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ ব্লাড বেংকত নাটনি হৈ পৰিছিল ৰক্ত | দেশৰ লগতে শিৱসাগৰ জিলাত বিগত প্ৰায় ২৬ দিন ধৰি চলি থকা লকডাউনৰ বাবে শিৱসাগৰস্থিত অসামৰিক চিকিৎসালয়ত থকা ব্লাড বেংকত (ৰক্তভঁৰাল)  তেজৰ অত্যন্ত নাটনি হৈছিল ৷ এই জটিল সময়ত ৰোগীৰ লগতে যদি কোনো লোক কৰ’না ভাইৰাচত আক্ৰান্ত হয়, তেন্তে ৰক্তৰ অভাৱত এনে বহু লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰেচকিউৱে এক দুৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ গুৰুত্ব অভাৱ পুৰন কৰিলে ৷ ৰেচকিউৰ এই পদক্ষেপৰ বাতৰি ফাৰ্ষ্ট নিউজ ৰিপৰ্টৰ যোগে প্ৰচাৰ হোৱাৰ লগে লগে যোৱা ৰক্ত দান কৰিবলে লকডাউন থকাৰ স্বত্বেও জিলাখনৰ বিভিন্ন স্থানৰ পৰা অৰ্ধশতাধিক যুৱক - যুৱতীৰ লগতে এহাল দম্পতীয়ে ৰক্ত দান কৰি শিৱসাগৰ জিলাখনৰ বৃহৎ সমস্যা দুৰ কৰিলে |
 স্পৰ্শকাতৰ বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি “ৰেচকিউৱে লোৱা পদক্ষেপত  শিৱসাগৰ সচেতন নাগৰিক, শিৱসাগৰ ই-মিডিয়া, বিভিন্ন দল সংগঠন আৰু জিলা প্ৰশাসন”ৰ সহযোগত  পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ শিৱসাগৰৰ জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়ত ৰক্তদান শিৱিৰত শিৱসাগৰৰ কেইজন মান পুলিচ কৰ্মচাৰীয়েও অংশ গ্ৰহন কৰে  ৷
ৰেচকিউৰ বিশেষ তত্বাবধায়ক নীলম কাকতি ভূমিকাই জিলাখনত এনে জনহিতৈসি কৰ্ম অৱদান উল্লেখনীয় | ফাৰ্ষ্ট নিউজৰ ফেচবুক পেইজৰ জৰিয়তে জানিব পাৰি শিৱসাগৰৰ বিভিন্ন ঠাইৰ পৰা অহা ডেৰকুৰি মানৱ দৰদী পুৰুষ-মহিলাই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি স্বেচ্ছাই ৰক্তদান কৰা দিশটোৱে পুনৰবাৰ  ধৰাত মহামানৱৰস্থিতিক প্ৰমানিত হয় |
যি সকল  মানৱ দৰদীয়ে এই মহান ৰক্তদাত অংশগ্ৰহন কৰি জিলাখনৰ অভাৱ পুৰন কৰাত সহায়ৰ হাত আগবঢ়ালে সকলোলৈকে  “ৰেচকিউ”ৰ তৰফে আন্তৰিকতাৰে শলাগ লয় |
 ৰেচকিউৰ বিশেষ তত্বাবধায়ক নীলম কাকতি ভূমিকাই জিলাখনত এনে জনহিতৈহি কৰ্ম অৱদান উল্লেখনীয় |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা