কামৰূপ জিলা কৰ'না মুক্ত হোৱাৰ পথত

কামৰূপ জিলা কৰ'না মুক্ত হোৱাৰ পথত ! 

জিলাখনত নতুনকৈ কৰ'নাত আক্ৰান্ত হোৱাৰ খবৰ নাই — যুটীয়া সঞ্চালক ডাঃ এন এছ তিষ্যা

প্ৰতিবেদক, ৰঙিয়া, ২৭ এপ্ৰিলঃ
অচিৰেই কামৰূপ জিলাক কৰনা মুক্ত বুলি ঘোষনা কৰিব পৰা যাব! কামৰূপ জিলাৰ একমাত্ৰ কৰ'না আক্ৰান্ত সোনতলী পুৰাণগাঁৱৰ মফিজ উদ্দিনক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াত কামৰূপ জিলা কৰ'না মুক্ত হিছাপে ঘোষনা কৰাৰ পথ প্ৰশস্ত হৈছে। অৱশ্যে মফিজুদ্দিনৰ ২৮ দিন সম্পূৰ্ণ নোহোৱাত তেওঁক এতিয়া সোনতলীত হোম কোৱাৰেন্টাইনত ৰখা হৈছে। তেওঁ বাস কৰা পুৰাণগাঁও জিলা প্ৰশাসনে ছীল কৰি দিয়াত তেওঁ অন্যত্ৰ কোৱাৰেন্টাইন কৰি ৰখা হৈছে। কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ এন এছ তিষ্যাই জনোৱা মতে জিলাখনত ২০৫ গৰাকী লোকৰ ভিতৰত বৰ্তমান সময়ত ৬২ জনক চিকিৎসালয়ত কোৱাৰেন্টাইনত ৰখা হৈছে। বাকী কেইজনে ২৮ দিন সম্পূৰ্ণ কৰাৰ পাছত ফলাফল নেগেটিভ হোৱাত মুকলি কৰি দিয়া হৈছে। ইপিনে হোম কোৱাৰেন্টাইনত থকা ৩৭৯৬ জনৰ ভিতৰত ৩০০৩ জনে ২৮ দিন আৰু ৩৫০০ জনে ১৪ দিন সম্পূৰ্ণ কৰিছে। জিলাখনত নতুনকৈ কোনো লোকে কৰ'না  আক্ৰান্ত হোৱাৰ কোনো খবৰ নাই বুলি ডাঃ তিষ্যাই জানিবলৈ দিয়ে।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা