শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ নিধি সংগ্ৰহ অভিযান

পঙ্কজ নাথ, চাংসাৰি, ২০ ডিচেম্বৰ :

মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰে অযোধ্যাত ৰাম-মন্দিৰ নিৰ্মাণৰ বাবে এক ন্যাস গঠন কৰিছে। শ্ৰীৰাম জন্মভূমি  তীৰ্থত মন্দিৰ নিৰ্মাণৰ পূঁজি সংগ্ৰহৰ বাবে দেশৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰত শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান সমিতি গঠন কৰা হৈছে। 

গুৱাহাটী মহানগৰৰ সংঘচালক   গুৰু প্ৰসাদ মেধি, ৰাষ্ট্ৰীয়  স্বয়ংসেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী কল্যাণৰ প্ৰভাৰী বিজয় দেৱাঙ্গণ , গুৱাহাটী মহানগৰ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ  সম্পাদক  তথা অভিযান প্ৰমুখ চন্দন ৰাভা, সহ-অভিযান প্ৰমুখ ৰাজেশ কোডা, উত্তৰ গুৱাহাটী মহানগৰৰ পালক ফনীন্দ্ৰ বুজৰবৰুৱাৰ উপস্থিতত আনুষ্ঠানিক বৈঠক উত্তৰ গুৱাহাটী যোগনিলয়মত সম্পন্ন হয় ।  ১৯ ডিচেম্বৰ শনিবাৰে সন্ধিয়া এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয়। 
সভাত অযোধ্যাৰ  শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে  নিধি সংগ্ৰহৰ  অভিযানত  উত্তৰ গুৱাহাটী, চাংসাৰি, বেজেৰা, আমিনগাঁও, বাইহাটা চাৰিআলিৰ  ৰাইজে  স্বতঃস্ফূৰ্তভাবে অংশ গ্ৰহণ কৰি এক বৃহৎ অৰিহণা যোগাবলৈ সংকল্পবদ্ধ হয়। বিশ্ব হিন্দু পৰিষদ, গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদকদ্বয় জগদীশ চন্দ্ৰ শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়ামতে 
উক্ত সভাত শ্ৰীৰামচন্দ্ৰ মন্দিৰ নিধি সংগ্ৰহ অভিযান গোট নিৰ্মাণ কৰা হয়। এই গোটৰ দায়িত্বত আছে প্ৰমুখ  অনিৰ্বাণ গোস্বামী (উত্তৰ গুৱাহাটী নগৰ কাৰ্যবাহ), সহ-প্ৰমুখ
বেদব্ৰত বৰা, দীপাংকৰ শৰ্মা, কাৰ্তিক কলিতা সদস্যবৃন্দ প্ৰাঞ্জল বৰকটকী, জিন্তু শৰ্মা, মুকুটেশ্বৰ গোস্বামী, মুনীন বেজ আৰু প্ৰভাত কলিতা। সভাত ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা নিজৰা চমুৱা, বিশ্ব হিন্দু পৰিষদৰ মহানগৰ কাৰ্যালয় গৌতম তালুকদাৰ, বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলীপ ডেকা, উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰ প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ কৰ্মীয়ে সক্ৰিয় ভাবে অংশগ্ৰহণ কৰি  দিহা পৰামৰ্শ আগবঢ়ায়। এই নিধি সংগ্ৰহৰ মুখ্য উদ্দেশ্য হ'ল প্ৰতিজন ভাৰতীয়ৰ অৰিহণাৰে অযোধ্যাত পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ ভব্য মন্দিৰ নিৰ্মাণ কৰি ঐক্যবদ্ধ ভাৰতবাসীৰ আদৰ্শ প্ৰতিষ্ঠা কৰা। অহা ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা ৩১ তাৰিখৰ ভিতৰত কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ এই পূঁজি সংগ্ৰহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোৰে সহযোগিতা বিনম্ৰ ভাবে আহ্বান কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা