এটা 'শেষ নোহোৱা সাধু'ৰে ওমলিলে তিনি কুৰিৰো অধিক শিশুৱে

গাঁৱে গাঁৱে শিশুৰ মুখৰ হাঁহি ওভতাই অনাৰ প্ৰয়াস - জিতেন কুমাৰ দাসৰ

সামৰণি পৰিল শিশু নাট কৰ্মশালাৰ 

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৩ ডিচেম্বৰ: জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চামধৰা পানী গাঁও পাঁচআলিৰ ৰঙ্গমঞ্চত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা শিশু নাট কৰ্মশালাৰ যোৱা কালি সফল সমাপ্তি ঘটে। উল্লেখ্য যে মুখ্য মন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত চামধৰাৰ মিলি জুলি সংঘ আৰু ন-বোৱাৰী আত্ম সহায়ক গোটৰ সহযোগত জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত  নাট কৰ্মশালাৰ মুখ্য প্ৰশিক্ষণ আছিল অসমৰ এগৰাকী অগ্ৰণী নাট্য শিল্পী, নাট্যকাৰ নাট পৰিচালক বিশ্বনাথ চাৰিআলিৰ কুশল ডেকা। তেখেতৰ মৰম স্পৰ্শই ৯ মাহে গৃহবন্দী শিশুসকলৰ মাজত হেৰাই যাব খোজা হাঁহি যেন ঘুৰাই আনিবলৈ সক্ষম হ'ল। মাত্ৰ দুই আঢ়ৈ বছৰীয়া শিশুৰ পৰা ১২-১৪ বছৰৰ শিশুৰ মাজত অনুষ্ঠিত উক্ত নাট কৰ্মশালাৰ মাজৰ পৰা সম্ভাবনাময় বহু শিশু প্ৰতিভাক বিকশিত কৰি তোলাৰ পৰা নাটক সম্পর্কে কোনো জ্ঞান নথকা ২ বছৰীয়া শিশুকো মঞ্চত উপস্থাপন কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ বাবে সকলোৱে শলাগ লৈছে দক্ষ পৰিচালক কুশল ডেকাৰ। কালি বিয়লি ৩ -৩০ বজাৰ পৰা অনুষ্ঠিত উক্ত সামৰণি অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে অৱসৰী কৃতী শিক্ষক কমল ৰাজবংশী, লাহৰী বৰা হাজৰিকা, জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী মিংকু কলিতা,জয়ন্ত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। উদ্যোক্তা সকলৰ হৈ বিজিত হাজৰিকা আৰু হিৰণ্য হাজৰিকাই আঁত ধৰা উক্ত সামৰণি অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ আছিল শিশুসকলৰ দ্বাৰা ৰচিত আৰু পৰিবেশিত শিশু নাট 'পিকনিক' আৰু অতুল চন্দ্ৰ হাজৰিকাৰ কালজয়ী শিশু নাট 'শেষ নোহোৱা সাধু' লগতে একাংশ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা পৰিবেশিত এটি ভক্তিমূলক আৰু এটি আধুনিক গীতৰ আধাৰত পৰিবেশিত নৃত্য। প্ৰায় তিনি কুৰিৰো অধিক শিশু প্ৰশিক্ষাৰ্থীৰক মঞ্চত নাট পৰিবেশনৰ সুবিধা দিব বিচৰাটো পৰিচালক ডেকাৰ বাবে প্ৰত্যাহ্বান আছিল যদিও নাট নিৰ্বাচন আৰু কৌশলী পদক্ষেপে এয়াও সম্ভৱ কৰি উপস্থিত দৰ্শকক স্তম্ভিত কৰি তোলে। নাটকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা সুভাংগম হাজৰিকা (ৰজা), জাহ্নু ভূঞা (সূত্র) আৰু তৃষা গায়ন (সাধুচৰণ)ৰ নিখুঁত অভিনয়ে নাটকীয় ঐক্য ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰিলে। উল্লেখ্য যে শোণিতপুৰ জিলা সাংস্কৃতিক বিষয়া তথা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া জীতেন কুমাৰ দাসে জিলাখনৰ গাঁৱে গাঁৱে প্ৰতিভাৰ সন্ধান কৰি এইদৰে ইটোৰ পিছত সিটো চৰকাৰী পৃষ্ঠপোষকতাত সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰি ক'ভিড- ১৯ ৰ বাবে মানুহৰ মাজৰ পৰা হেৰাই যাব খোজা আত্মবিশ্বাস ঘুৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। গাঁৱৰ প্ৰতিভাক বিকশিত কৰি জগত সভালৈ আগবঢ়াই অনাৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সপোনক বাস্তৱ ৰূপায়নৰ বাবে গ্ৰহণ কৰা চৰকাৰী বিষয়া গৰাকীৰ লগতে অঞ্চল বাসী ৰাইজৰ শলাগ লয় বিধায়ক পদ্ম হাজৰিকাই। তেখেতে কভিডৰ বাবে এনেধৰণৰ চৰকাৰী আঁচনি সাময়িকভাবে স্থবিৰ হ'লেও পুনৰ সক্ৰিয় ৰূপত আঁচনিসমূহ আগবাঢ়ি গৈছে বুলি মত প্ৰকাশ কৰিছে। আজিৰ অনুষ্ঠানটোৰ সফল সামৰণিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে উদ্যোক্তা সকলে।
জোন বৰা ,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা