তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন : নগাৱত কি কি নিয়ম থাকিব

 তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন≈≈নগাঁৱৰ দহটা সমষ্টিৰ বাবে ১০২ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ≈≈মাস্ক পৰিধান কৰিহে ভোটদান কৰিব পাৰিব ভোটাৰে≈≈গ্ল'ভছ যোগান ধৰিব প্ৰশাসনে#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ ডিচেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে । নগাঁও জিলাৰ দহটাকৈ পৰিষদীয় সমষ্টিৰ বাবে ১০২ টা ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণ কোভিড প্ৰট'কল বৰ্তাই ৰাখি অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই সংবাদমেলত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে নগাঁৱৰ ১০২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৭ টাক স্পৰ্শকাতৰ আৰু ৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰক অতি স্পৰ্শকাতৰ কেন্দ্ৰৰূপে চিনাক্ত কৰা হৈছে । মুঠ ৮০ হাজাৰ ২৪২ জন ভোটাৰে ভোটদান কৰিবলগীয়া এই নিৰ্বাচনৰ বাবে ৪২৩ গৰাকী 'চাৰ্ভিচ ভোটাৰ'ক ভোটদান কৰিবলৈ ইতিমধ্যে প'ষ্টেল বেলট প্ৰেৰণ কৰাও হৈছে । এই নিৰ্বাচন সুকলমে সম্পন্ন হ'বৰ বাবে তিনিটাকৈ ফ্লায়িং স্কোৱাড গঠন কৰাৰ লগতে ১৮৭ জন প্ৰিজাইডিং বিষয়া আৰু ৩৯৮ জন পুলিং বিষয়া নিয়োগ কৰা হৈছে বুলিও সংবাদমেলত জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ সংবাদমেলখনত উপায়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা আৰু জয়ন্ত বৰাও উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা