চতিয়া সমষ্টিত বিজেপিৰ সাংগঠনিক সভা।চাৰি শতাধিক কংগ্ৰেছ,চিপিএম ৰ বিজেপিত যোগদান

চতিয়া সমষ্টিৰ অন্তৰ্গত দক্ষিন মূঢ়াদল গাঁওপঞ্চাত এলেকাৰ টৌভঙাত মংগলবাৰে বিজেপি দলৰ বৃহৎ সাংগঠনিক সভা অনুষ্ঠিত হয়৷নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই। বিজেপিৰ দলীয় নেতৃত্বৰ উপস্হিতিত অনুস্হিত  সভা।খনত কংগ্ৰেছ,চিপিআই,চিপিএম আদি বিভিন্ন ৰাজনৈতিক দলৰ চাৰি শতাধিক নেতা কৰ্মী সমৰ্থকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু বিধায়ক পদ্ম হাজৰিকাৰ বলিস্হ নেতৃত্বতৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগ দান কৰে৷ নতুনকৈ বিজেপি দলত যোগদান কৰা  অঞ্চলটোৰ বৃহৎ সংখ্যক পুৰুষ মহিলা যুৱক যুৱতি তথা ৰাইজক দলীয় টুপি আৰু গামোচাৰে বিজেপি দললৈ আদৰনী জনাই বিধায়ক পদ্ম হাজৰিকাই৷ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে মই বিধায়ক হেৱা বিশ বছৰ হল কিন্তু এনেকুৱা সাংগঠনিক সভা মই দেখা নাছিলো৷ভাৰতীয় জনতা পাৰ্টিৰ কেইদিন মান ধৰি অনুস্হিত সভাৰ লগতে আজিৰ এই সাংগঠনিক সভাই প্ৰমান কৰিলে দক্ষিন মূঢ়াদল গাঁওপঞ্চায়ত এলেকাটোৰ লগতে সমগ্ৰ চতিয়া সমষ্টিৰেই কংগ্ৰেছ দল উৎখাত হল আৰু কংগ্ৰেছৰ ভ ভেটিত তিতা লাও গজিল৷ উল্লেখ্য যে ৰাইজৰ এইদৰে দলে বলে বিজেপিত যোগদান কৰা কাৰ্য্যই চতিয়া সমষ্টিত কংগ্ৰেছকে ধৰি আন ৰাজনৈতিক দল সমূহ এইবাৰো উৎখাত হোৱাটো নিশ্চিত হৈ পৰিছে।
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা