বঙাইগাঁৱত অসম নাগৰিক কেন্দ্ৰিক সেৱা অধিকাৰ আইন সন্দৰ্ভত সজাগতা অনুষ্ঠান

বঙাইগাঁওঃ ৮ ডিচেম্বৰঃ আজি বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত 'অসম নাগৰিক কেন্দ্ৰিক সেৱা অধিকাৰ আইন ২০১২' সন্দৰ্ভত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় ৷ জনসাধাৰণক উক্ত আইন আৰু আইনখনৰ অধীনত নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত উপলব্ধ হোৱা সেৱা সমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্য আয়োজিত সজাগতামূলক অনুষ্ঠান তথা সভাখনৰ আঁত ধৰে মাষ্টাৰ ট্ৰেইনাৰদ্বয় ক্ৰমে বঙাইগাঁও জিলাৰ সহকাৰী আয়ুক্ত মুনমী শইকীয়া আৰু বঙাইগাঁও কলেজৰ সহকাৰী প্ৰৱক্তা ড° ফটিক চন্দ্ৰ কলিতাই। উল্লেখ্য যে ভাৰতৰ সংবিধানে ভাৰতৰ নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰসমূহৰ উপৰিও কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে প্ৰয়োজন অনুসাৰে আইন প্ৰণয়ন কৰি তথা সংশোধন কৰি নাগৰিকক বহু সময়ত আন কিছুমান বিষয়ৰ ওপৰতো অধিকাৰ প্ৰদান কৰিছে আৰু অসম চৰকাৰে ২০১২ চনত প্ৰণয়ন কৰা 'অসম নাগৰিক কেন্দ্ৰীক সেৱা অধিকাৰ আইন' তেনে ধৰণৰে এখন আইন। বিগত ২০১৩ চনৰ ১৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা আইনখনৰ জৰিয়তে প্রথমে নাগৰিকক ৫৫ বিধ বিভিন্ন নাগৰিক কেন্দ্ৰিক ৰাজহুৱা সেৱা যেনে-চৰকাৰী নথি, প্ৰমাণ পত্ৰ, চৰকাৰী সা-সুবিধা ইত্যাদি এক নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত উপলবদ্ধ কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই আইনখন ২০১৮ চনত সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হয় ৷ পৰৱৰ্তী সময়ত ২০১৯ বৰ্ষত এই আইনখন সংশোধন কৰা হয় আৰু বৰ্তমান ৪০০ৰো অধিক ৰাজহুৱা সেৱা এই আইনখনে সামৰি লয়। মাষ্টাৰ ট্ৰেইনাৰ ড° কলিতাই  অনুষ্ঠানত এক পাৱাৰ পইণ্ট প্ৰেজেন্টটেছনৰ জৰিয়তে সভাত উপস্থিত সকলোকে এই আইন সম্পৰ্কে এক  ধাৰণা দাঙি ধৰাৰ প্ৰয়াস কৰাৰ লগতে ইয়াৰ সৈতে জড়িত অন্যান্য বিষয় সমূহ যেনে এই সেৱাৰ বাবে কাৰ ওচৰত আৱেদন কৰিব লাগিব, কিমান সময়ৰ ভিতৰত সেৱা সমূহ উপলব্ধ হ'ব বা দায়িত্ববাহী কৰ্তৃপক্ষই আৱেদন গ্ৰহণ নকৰিলে কি ব্যৱস্থা হ'ব ইত্যাদি তথা এই আইন খনৰ সৈতে জড়িত অন্যান্য বিভিন্ন বিষয় উপস্থাপন কৰে। এই সজাগতা মূলক অনুষ্ঠানৰ যোগেদি উপস্থিত সকলোকে এই আইন সম্পৰ্কে  ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনোৱা হয় যাতে বৃহৎ সংখ্যক ৰাইজ এই আইনৰ দ্বাৰা লাভৱাম্বিত হ'ব পাৰে। এই অনুষ্ঠানত বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকৰ  উপৰিও সংশ্লিষ্ট বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু অন্যান্য বহু লোক উপস্থিত থাকে। উল্লেখ্য যে প্ৰথমে মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰি বলবৎ কৰিছিল আৰু বৰ্তমান দেশৰ ২১ খন ৰাজ্যত প্ৰযোজ্য হৈছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা