বঙাইগাঁও জিলাৰ পুনৰ ৩৪ জনৰ দেহত ধৰা পৰিল কোভিড- ১৯ পজিটিভ


জিলা উপায়ুক্তৰ গাড়ী চালকৰ উপৰিও আৰক্ষী অধীক্ষক কাৰ্যালয় তথা আবাসৰ সৈতে জড়িত গৃহৰক্ষী, নিৰাপত্তাৰক্ষীকে ধৰি ৯ জন আক্ৰান্ত হ'ল কোভিডত 


আক্ৰান্তৰ সংখ্যা  ৩৭৪ জনলৈ বৃদ্ধি 

বঙাইগাঁওঃ২৪ জুলাইঃ বঙাইগাঁও জিলাত এতিয়া কৰ'না ভাইৰাছৰ  সংক্ৰমণে ব্যাপক ৰূপ ধাৰণ কৰিছে ৷ কেৱল আজিৰ দিনটোতে জিলাখনৰ ৩৪ জনকৈ ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ আক্ৰান্ত হৈছে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় তথা চৰকাৰী আৱাসৰ সৈতে জড়িত ৯ জন ব্যক্তি ৷ আক্ৰান্তসকলৰ ভিতৰত ২ জন আৰক্ষী অধীক্ষকৰ গৃহৰক্ষী , ৪ গৰাকী আৰক্ষী অধীক্ষকৰ এছকৰ্টত নিয়োজিত জোৱান , ২ জন আৰক্ষী অধীক্ষকৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু ১ গৰাকী আৰক্ষী অধীক্ষকৰ গৃহৰক্ষীৰ পৰিয়ালৰ সদস্য ৷ ইতিমধ্যে আক্ৰান্তসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ উল্লেখ্য যে বৰ্তমান জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে সুবোধ কুমাৰ সোনোৱালে কাৰ্যনিৰ্বাহ কৰি আছে ৷ সেইদৰে কোভিডত আক্ৰান্ত হৈছে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ চৰকাৰী বাহনৰ গাড়ী চালকো ৷ গাড়ী চালকজনৰ স্বাৱ পৰীক্ষাৰ অন্তত ফলাফলত কোভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ বৰ্তমান চালকজনৰ সংস্পৰ্শলৈ অহা সকলৰ বিষয়ে তথ্য যুগুত কৰি আছে প্ৰশাসনে ৷ অৱশ্যে জিলা উপায়ুক্তগৰাকীৰ লগতে আন কৰ্মচাৰীসকলৰ ৰেপিড এণ্টিজেন টেষ্টত ফলাফল নিগেটিভ অহা বুলি প্ৰশাসনৰ তৰফৰ পৰা জনাইছে ৷ এনেকৈয়ে এতিয়া দৈনিক বৃদ্ধি পাইছে জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৷ উল্লেখ্য যে বৃহস্পতিবাৰে জিলাখনৰ ২০ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছিল কোভিড- ১৯ পজিটিভ ৷ ফলত বৰ্তমানলৈকে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৭৪ জনলৈ বৃদ্ধি পাইছে  ৷ আক্ৰান্তসকলৰ ভিতৰত ২০৯ জন ৰোগী সুস্থ হোৱাৰ বিপৰীতে ১৫৬ জন চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে  ৯ জন জিলাখনৰ বাহিৰৰ ব্যক্তি ৷ অৱশ্যে জিলা প্ৰশাসনে শেহতীয়াকৈ কোভিড- ১৯ ত আক্ৰান্ত হোৱাসকল সবিশেষ তথ্য ৰাজহুৱা কৰা নাই ৷ ইপিনে কোভিড- ১৯ সন্দৰ্ভত মানি চলিবলগীয়া নিৰ্দেশনা মানি নচলাত  বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও চহৰৰ ৯ টাকৈ বেংকৰ এটিএম সাময়িকভাৱে বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷ বন্ধৰ নিৰ্দেশনা জাৰি কৰা বেংকৰ এটিএম কেইটা হ'ল চহৰখনৰ টুৱানী হাৰ্ডৱেৰৰ কাষৰ বেংক অৱ ইণ্ডিয়াৰ এটিএম ,নীৰ হোটেলৰ কাষৰ এচ বি আইৰ এটিএম, মছজিদৰ কাষৰ পাঞ্জাৱ নেচনেল বেংকৰ এটিএম, ব্ৰহ্মপুত্ৰ ভেলী এণ্ড ৰেষ্টুৰেণ্টৰ কাষৰ এচ বি আইৰ এটিএম, লাইফ ফাৰ্মাৰ কাষৰ আইচিআইচি বেংকৰ এটিএম, কানাড়া বেংকৰ এটিএম ,এক্সিচ বেংকৰ এটিএম , বি অ চি গেটৰ এইচ ডি এফ চি বেংকৰ এটিএম আৰু বাজাৰ ইণ্ডিয়াৰ কাষৰ ইণ্ডিয়ান অভাৰচিচ বেংকৰ এটিএম ৷ উল্লেখ্য যে বঙাইগাঁও জিলাখনত শেহতীয়াভাৱে দ্ৰুত গতিত কোভিড- ১৯ ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত  জিলাখনত থকা সকলো বেংকক জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে  ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনে বেংকসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ বিশেষকৈ এটিএম সমূহ চেনিটাইজ কৰাৰ লগতে এটিএম ব্যৱহাৰ কৰাৰ সময়ত ব্যক্তিসকলে যাতে সামাজিক দূৰত্ব মানি চলে আৰু এটিএম ব্যৱহাৰ কৰাৰ পূৰ্বে আৰু ব্যৱহাৰ কৰাৰ পিচত সকলোৱে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰে সেয়া নিশ্চিত কৰাৰ বাবে সকলো  সময়তে এটিএমত এজন কৰ্মচাৰী নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ কিন্তু জিলা প্ৰশাসনৰ পৰিদৰ্শনত এই নিৰ্দেশনা মানি নচলাটো ধৰা পৰাত এইকেইটা এটিএমৰ সেৱা বন্ধৰ নিৰ্দেশ জাৰি কৰে প্ৰশাসনে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা