নগাঁৱত উদ্যমী যুৱকৰ মহানুভৱতা≈≈পথচাৰীৰ সুবিধাৰ্থে নিজা প্ৰচেষ্টাৰে পথৰ কাষত বাটচ’ৰা নিৰ্মাণ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জুলাইঃ বৰ্তমান সময়ৰ পৰিস্থিতি, মানুহৰ চিন্তা-ধাৰা বা কাম-কাজে প্ৰায়েই মনত পেলাই দিয়ে এটা কালজয়ী গীতলৈ ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তাহানিতেই ৰছনা কৰি থৈ যোৱা সেই বিখ্যাত গীতটো হৈছে "মানুহে মানুহৰ বাবে, যদিহে অকনো নাভাবে....৷ হয় ভূপেন দাই গীতটোৰ জৰিয়তেই কোৱাৰ দৰেই যদিহে মানুহে মানুহৰ কথা নাভাবে, তেন্তে কোনেনো বাৰু ভাবিব ৷ কিন্তু সাম্প্ৰদায়িক সময়ৰ আধুনিকতাৰ ধামখুমীয়াত পৰি যেন মানুহে নিজৰ বাহিৰে আন মানুহৰ কথা ভাবিবলৈ আহৰিয়েই নোপোৱা হৈছে ৷ ফলত নানা সমস্যাৰ গৰাহত পৰি সকলোয়ে ককবকাবলগীয়া হৈছে ৷ পিছে এনে এক সময়তে নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং কমাৰচুক অঞ্চলৰ এজন সমাজ সচেতন যুৱকে দেখুওৱা মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কিয়নো এই উদ্যমী যুৱকজনে বাটৰুৱাই জিৰণি ল’বৰ বাবে নিজৰ বাসগৃহৰ সন্মুখৰে যোৱা অতি ব্যস্ততাপূৰ্ণ নগাঁও-জাজৰি সংযোগী গড়কাপ্তানী পথৰ কাষত নিৰ্মাণৰ পদক্ষেপ লৈছে এটা বাটচ’ৰাৰ ৷ সম্পূৰ্ণ নিজা খৰছত তেওঁৰ স্বৰ্গগামী ককা-আইতা আৰু বৰদেউতাকৰ স্মৃতি জীপাল কৰি ৰখাৰ লগতে বাটৰুৱাই ক্ষন্তেক জীৰণি ল’বৰ বাবে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰা এই বাটচ’ৰাটিৰ নিৰ্মাণকাৰ্যৰ মঙলবাৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হয় ৷ এই মৰ্মে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত ইয়াৰ আধাৰ শিলা স্থাপন কৰে একশৰণ ভাগৱতী সমাজৰ নামাচাৰ্য হীৰেন বাপে ৷ অনুষ্ঠানত লখিপ্ৰভা দাস, দিনকান্ত দাস, পাৰ্থিকা দাস, ৰীতা দাস, জামাল আলি, সৰুমাই দাস, জ্যোতিষ মান হাজৰিকা, পাৰ্থ প্ৰতীম হাজৰিকাকে প্ৰমুখ্য কৰি বহুসংখ্যক লোক উপস্থিত থাকে ৷ উল্লেখ্য, সমাজৰ বিভিন্ন উন্নয়ণমূলক কাম-কাজত সদায় আগবাঢ়ি অহা এই উদ্যমী যুৱকজন হৈছে ডেভিদ দাস ৷ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সচীব হিচাপে গুৰু দায়িত্ব বহন কৰি অহা দাস বৰ্তমান গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা