ৰঙিয়াত স্বেচ্ছাসেৱী সংগঠন আৰু ৰাইজে নিৰ্মাণ কৰিলে পৌৰসভাৰ পথ, নলা-নৰ্দমা
প্ৰতিবেদক, ৰঙিয়া ২২ জুলাইঃ '' ৰাইজে নখ জোকাৰিলে নৈ বয়''। বহুল প্রচলিত এই আপ্ত বাক্যটো আজি সঁচা প্ৰমাণিত কৰিলে ৰঙিয়াৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন শংকৰ আজান স্বচ্চতা হি সেৱা সন্থাই। ৰঙিয়া পৌৰসভাৰ চুড়ান্ত হেমাহি আৰু অমনোযোগিতাৰ ফলত ৫নং ৱাৰ্ডৰ পঞ্চায়ত ভৱনৰ কাষৰ পথটি জৰাজীৰ্ণ, হৈ জহি খহি যোৱাৰ উপৰিও পথৰ কাষত থকা নলা-নৰ্দমাৰ সকলো লেতেৰা পানী পথৰ উপৰত উপচি পৰি পূতি দুৰ্গন্ধময়, অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। এই সন্দৰ্ভত ৰঙিয়া পৌৰসভাক বাৰংবাৰ আবেদন দাখিল কৰাৰ পিছতো পৌৰসভাই পথছোৱা মেৰামতি কৰা দূৰৰে কথা কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। অঞ্চলটোৰ ৰাইজে পৌৰসভাৰ পাঁচ নং ৱাৰ্ডৰ কমিছনাৰ তথা তেতিয়াৰ পৌৰ সভানেত্ৰী সীমা বৈশ্যৰ ওচৰতো কেইবাবাৰো আবেদন দাখিল কৰিছিল যদিও পৌৰ সভাই এই সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। অৱশেষত অঞ্চলটোৰ ৰাইজে উপায় বিহীনহৈ পথছোৱা মেৰামতিৰ বাবে সকলোৱে ঐক্যবদ্ধ ভাৱে ৰাজপথলৈ ওলাই আহিল। মহিলা পুৰুষ নিৰ্বিশেষে অঞ্চলটোৰ ৰাইজে স্বেচ্ছাসেৱী সংগঠনটোৰ নেতৃত্বত হাতে হাতে দা, কোৰ, বেলচা আদি লৈ পথছোৱা মেৰামতিৰ বাবে হাতে কামে লাগি গ ল। এই শ্ৰমদান কাৰ্যসূচীৰ নেতৃত্ব দিয়ে স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি জাকিৰ হুছেইন আৰু সম্পাদক মোছাব্বিৰ আলীয়ে। উল্লেখ্য মহকুমাটোৰ আগশাৰীৰ দুখনকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান প্ৰাগমেটিক একাডেমী জুনিয়ৰ কলেজ আৰু বিদ্যামন্দিৰ একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ উপৰি অৰ্ধ-সহস্ৰাধিক ৰাইজৰ ৰঙিয়া টাউনলৈ অহা যোৱা কৰাৰ এইটো একমাত্ৰ মূল পথ। গতিক এজাক বৰষুণ দিলে পথটিৰ ওপৰেৰে নলা-নৰ্দমাটোৰ পৰা বাগৰি অহা দূষিত পানীয়ে অঞ্চলটি কদৰ্যময় কৰি যাতায়তৰ অনুপযোগী কৰি তোলে । অথচ এই ক্ষেত্ৰত ৰঙিয়া পৌৰসভাৰ নিৰ্লিপ্ততাৰ বাবে স্থানীয় ৰাইজে ক্ষুদ্ধ হৈ নিজেই পথছোৱা নিৰ্মাণ কৰি দৃষ্টান্ত স্থাপন কৰে। আজিৰ এই শ্ৰমদান কাৰ্যসূচীত সংস্থাটোৰ বিষয়ববীয়াৰ উপৰি স্থানীয় ৰাইজ ক্ৰমে চেলিম খান, জয়নুৰ আলী, কল্পোৰাম দাস, পৰেশ আলী, ভৱেন নাথ শৰ্মা, তবিবৰ ৰহমান, মইনুদ্দিন আহমেদ, ৰেজিনা বেগম,নুৰে আচমা, নিগাৰ চুলটানা, আব্দুৰ ৰহমান, কবিন পাটোৱাৰী সহ অঞ্চলৰটোৰ কেইবাগৰাকীও স্থানীয় ৰাইজে সহাায় সহযোগিতাা আগবঢ়ায়। তেওঁলোক নিজে গাঠিৰ ধন ভাঙি পথ আৰু নলা নৰ্দমা মেৰামতি কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment