গোলাঘাটত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
মীনাক্ষী ফুকন : গোলাঘাট এগৰাকী সমাজকৰ্মী ব্যতিক্ৰমী পদক্ষেপ । গোলাঘাট নগৰৰ বিশিষ্ট সমাজ কৰ্মী তথা গোলাঘাট দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক কৈলাশ কুমাৰ বৰায়ে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । গোলাঘাটৰ বিভিন্ন অঞ্চলৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ভালেসংখ্যক ছাত্ৰ ছাত্ৰীক নিজা প্ৰচেষ্টাৰে জনাইছে সমবৰ্ধনা। বৰায়ে গোলাঘাট কমাৰবান্ধাৰ জয়হিন্দ ক্লাবৰ এক সভাত কমাৰবন্ধা অঞ্চলৰ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীক সমবৰ্ধনা জ্ঞাপন কৰে । অঞ্চলটোৰ দৰিদ্ৰ আৰু সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰৰণা দিবলৈ কৈলাশ কুমাৰ বৰায়ে এনেদৰে পদক্ষেপ গ্ৰহণ কৰে । ছাত্র ছাত্ৰীক এখন ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে সমবৰ্ধনা জ্ঞাপন কৰে । সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্রীক গোলাঘাট নগৰত ১ মহীয়া বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । সমৰ্বধনা অনুষ্ঠানত গোলাঘাট জিলা বিজেপি প্ৰাক্তন সভাপতি তিলেশ্বৰ শইকীয়া, অবিচি মৰ্চা পদুমনি ব্লকৰ উপ সভাপতি ভূৱন বৰা, বিশিষ্ট সমাজ কৰ্মী টংক বৰুৱা, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্হাৰ কাৰ্যকৰী সভাপতি ৰাহুল বৰা লগতে বহু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Comments
Post a Comment