পশ্চিম নলবাৰীত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ দাবী, উদ্যোগ স্থাপন কৰি নিবনুৱাক সংস্থাপনত ব্যৰ্থ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহনক ধিক্কাৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ জুলাই*


নিবনুৱা সমস্যাই বৰ্তমান সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ তাৰোপৰি বহিঃৰাজ্যৰ পৰা বিভিন্ন উদ্যোগত কৰ্মৰতসকলে নিজ ৰাজ্যলৈ ঘুৰি আহি নিবনুৱা সমস্যাক এক জটিল ৰূপ দিছে আৰু উদ্যোগ মন্ত্ৰী হৈ আজি পৰ্যন্ত নিবনুৱা সমস্যা সমাধানৰ বাবে একো এটা কৰিব নোৱাৰা বাবে উদ্যোগ মন্ত্ৰীগৰাকীক ধিক্কাৰ দিছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সম্পাদক অক্ষয় ডেকাই ৷ ৰবিবাৰে চামতাৰ বিষ্ণু জ্যোতি একাডেমীত অনুষ্ঠিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ এখন সাংগঠনিক সভাত এইধৰণ মন্তব্য প্ৰকাশ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সম্পাদক অক্ষয় ডেকাই ৷ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা, ক্ষেত্ৰী ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ উপৰিও সম্পাদক আৰু জিলা প্ৰতিনিধিসকল উপস্থিত থকা সাংগঠনিক সভাখনত সভাপতিত্ব কৰে জিলা সভাপতি গুণজ্যোতি পাঠকে ৷ সাধাৰণ সম্পাদক অক্ষয় ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিত বেজবৰুৱাই সাংগঠনিক দিশৰ ওপৰত বক্তৱ্য আগবঢ়ায় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনে আছুৰ দৃষ্টিভংগী ব্যাখ্যা কৰি সতীৰ্থ কৰ্মীসকলক জাতি তথা সমাজৰ একো-একোজন জাগ্ৰত সৈনিকৰ দৰে কাম কৰিবলৈ আহ্বান জনায় লগতে পশ্চিম নলবাৰী আৰু ইয়াৰ ওচৰৰ অঞ্চলৰ ৰাইজে সন্মুখীন হোৱা বান আৰু বৰ্তমান সময়ত নিবনুৱা  সমস্যাত চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰে । সভাত অসমৰ জলন্ত জাতীয় সমস্যাসমূহৰ উপৰিও নলবাৰী জিলাৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু কৃষিখণ্ডৰ সমস্যাৰ ওপৰত বিতংকৈ আলোচনা কৰে আৰু এই সমস্যাসমূহ দূৰ কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ জড়িয়তে বলিষ্ঠভাৱে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি কয় ৷ ঐতিহ্যমণ্ডিত ধৰ্মপুৰ সমষ্টিৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজে সন্মুখীন হৈ অহা সমস্যা অতি সোনকালে সমাধান হ'বই লাগিব বুলি উক্ত সভাই দৃঢ়মত প্ৰকাশ কৰে ৷ ওজাপালি, ঢুলীয়া, নাগাৰানাম আদি লোকসংস্কৃতিৰ লগত জড়িত শিল্পী, কৃষক, শ্ৰমিকসকলক চৰকাৰে অতিশীঘ্ৰে আৰ্থিক অনুদান দিবই লাগিব নহ'লে ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও সভাই মত পোষণ কৰে ৷ পশ্চিম নলবাৰী তথা ধৰ্মপুৰ   সমষ্টিত হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে মৰ্যাদাসহকাৰে জীয়াই থাকিবলৈ ভয়ংকৰ সংগ্ৰাম কৰিব লগা হৈছে ৷ এই ক্ষেত্ৰত ছাত্ৰ সন্থাই চৰকাৰক কাৰ্যব্যৱস্থা ল'বলৈ দাবী জনায় লগতে ইয়াৰ বাবে কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তদুপৰি পশ্চিম নলবাৰী অঞ্চলত এখন বিজ্ঞান মহাবিদ্যালয় আৰু এখন কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষানুষ্ঠান স্থাপনৰ বাবে সভাই চৰকাৰক পুনৰাই দাবী জনায় ৷ কিয়নো এই বৃহত্তৰ অঞ্চলত এখনো বিজ্ঞান মহাবিদ্যালয় নাই ৷ তদুপৰি উদ্যান শস্য মহাবিদ্যালয়খন বৰ্তমান কি পৰ্য্যায়ত আছে তাৰ কথা চৰকাৰে ৰাজহুৱা কৰিবলৈ দাবী জনোৱাৰ প্ৰস্তাৱ লোৱা হ'য় ৷ তদুপৰি ইয়াৰ লগতে কামৰূপ মহাবিদ্যালয়খনক গ্ৰাম্য বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ বাবে দাবী জনোৱাৰ প্ৰস্তাৱ লোৱা হয় ৷ সভাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰমোদ বৈশ্য, লক্ষেশ্বৰ শৰ্মা,  সহঃ সাধাৰণ সম্পাদক নিৰুজউদ্দিন আহমেদ, মুখ্য সাংগঠনিক সম্পাদক দিগন্ত ভৰালী, কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি তহবিলদাৰ, চন্দন বেজবৰুৱা, জুলু মহন্ত, মৃনালজ্যোতি তালুকদাৰ আদিও উপস্থিতি থাকে । পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি বিশ্বজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক নয়ন বৰ্মনে অতিথি সকলৰ প্ৰতি শলাগৰ শৰাই আগবঢ়ায় ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা