বেবেজীয়াত কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা দুই মহিলাৰ দেহত ক’ভিড পজিটিভ≈≈ৰাইজৰ মাজত তীব্ৰ আতংক
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে জিলাখনৰ বেবেজীয়াত পুনৰ দুগৰাকী মহিলাৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ খবৰে স্থানীয় ৰাইজক ত্ৰাসিত কৰি তুলিছে ৷ কালি নিশা কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰা এই মহিলা দুগৰাকী হৈছে বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰৰ এলেকাধীন টোকোলাই বেবেজীয়াৰ জনমাই দাস(৬০) আৰু তেওঁৰ ভাই বোৱাৰী জুনু প্ৰভা দাস(৩৮) ৷ এই দুয়ো গৰাকী মহিলা কিছুদিনৰ পূৰ্বে কৰ’নাত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা প্ৰতিবেশী তিনি গৰাকী কৰ’না ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ৷ উল্লেখ্য, যোৱা ১৪ জুলাইত টোকোলাই বেবেজীয়াৰ স্বাস্থ্যকৰ্মী পংকজ দাসৰ পত্নী জুৰি বাৰিক দাস(৩৮), পুত্ৰ পল্লৱজ্যোতি দাস(৯) আৰু পংকজ দাসৰ শাহু পূৰ্ণীমাই বাৰিক(৬০)ৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত স্বাস্থ্য বিভাগে তিনিওৰে সংস্পৰ্শলৈ অহা মুঠ ৪৯ জন লোকৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু কালি নিশা স্বাৱ পৰীক্ষাৰ ফলাফলত জনমাই দাস আৰু জুনু প্ৰভা দাসৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰে স্বামীহীনা জনমাই দাসে স্থানীয় অঞ্চলৰ বহুতৰে ঘৰত কাম-বন কৰি জীৱন-নিৰ্বাহ কৰা বিষয়টোয়ে সকলোকে এতিয়া চিন্তিত কৰি তুলিছে ৷ কিয়নো এনেদৰে প্ৰতিদিনে সকলোৰে ঘৰত কাম কৰি ঘুৰি ফুৰোতে বহু লোক মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহাত এতিয়া সম্ভাব্য গণ সংক্ৰমণৰ আশংকাত বেবেজীয়াবাসী আতংকিত হৈ পৰিছে ৷
====================
Comments
Post a Comment