ৰজাঘৰীয়া অনুগ্ৰহৰ পৰা বঞ্চিত কুঁজিবালি চটাই আলিৰ পৰা হাৰিপৰা আলি সংযোগী পথ

ফাষ্ট নিউজ ৰিপৰ্ট,  নাজিৰা,  ২ জুলাই

       শিৱসাগৰ জিলাৰ 108 নং শিৱসাগৰ বিধান সভা সমষ্টি হাঁহচৰা গাঁও পঞ্চায়তৰ এলেকা 10 নং মৈৰামৰা ৱাৰ্ড  আৰু 7 নং জাঠিপতীয়া ৱাৰ্ডৰ অন্তৰ্গত কুজিবালি চটাই আলি সংযোগী লংকাক গোঁহাই সম্প্ৰসাৰিত প্রায় আঢ়ৈ কিঃমিঃ আলি গোবাটলৈ পৰিণত হৈছে | এইটো অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ অতি প্ৰয়োজনীয় পথ | যিটো পথ বাৰিষা খৰালিৰ কোনো চিন নাই সমানেই বোকা পানী | প্রায় 70 দশকৰ পৰা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ অধীনত থকা এই পথটো আজি পৰ্য্যন্ত ৰজাঘৰীয়াৰ সহায় সহযোগ নেপালে | বিগত সময়ত 108 নং শিৱসাগৰ বিধান সভাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰা কেইবাজনো বিধায়কক স্হানীয় ৰাইজে কেইবাবাৰো আবেদন নিবেদন কৰিও  আজিপৰ্যন্ত কোনো সঁহাৰি পোৱা নাই| উল্লেখযোগ্য যে এই পথেদি হাঁহচৰা উচ্চ মাধ্যমিক , হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, 1018 নং   শলগুৰীয়া প্ৰাথমিক বিদ্যালয়, বোকানগৰ প্ৰাথমিক বিদ্যালয় আৰু হাঁহচৰা মজলীয়া বিদ্যালয়কে ধৰি, শলগুৰীয়া গাঁও বোকানগৰ, মৈৰামৰা সত্রৰ প্রায় 500 ঘৰৰ অধিক নিবাসী অহা যোৱাৰ একমাত্ৰ পথটো যাতায়তৰ একেবাৰে প্ৰতিকুল হৈ পৰিছে | বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ মাননীয় তপন কুমাৰ গগৈকো পথটো দৃষ্টিগোচৰ কৰোৱা হয় | উক্ত পথটোৰ সন্দৰ্ভত স্হানীয় ৰাইজে পথটো পকীকৰণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজি পৰ্য্যন্ত বিভাগীয় কৰ্তৃপক্ষ নিৰৱ, সেয়েহে পথটো নিৰ্মাণ নকৰাত ৰাইজে ক্ষোভ প্রকাশ কৰাৰ লগতে 2021 চনৰ ভিতৰত পথটো পকীকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা