পিতৃৰ চিকিৎসাৰ বাবে দূৰ্ভগীয়া জীয়ৰীৰ কৰুণ বিননি

:চিকিৎসাৰ বাবে চৰকাৰলৈ সহায়ৰ আহ্বান।


   দেৱব্ৰত বৰা,২৯ জুলাই:  এগৰাকী যুৱতীৰ এটা ফেচবুক প'ষ্ট। সামাজিক কামৰ লগত জড়িত যুৱতীগৰাকীৰ নাম নিলাক্ষী নাথ। কাৰ্বি আংলঙৰ খেৰণিৰ যুৱতী গৰাকীৰ পিতৃ বিপিন চন্দ্ৰ নাথ যোৱা কেইবাদিনো ধৰি জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীস্থিত দিছপুৰ চিকিৎসালয়ৰ আই-চি-ইউত ভৰ্তি হৈ জীৱন যুঁজৰ সংগ্ৰামত অহৰ্নিশে বৰ্তী হৈ থকাৰ পৰিপেক্ষিতত পৰিয়ালটোক প্ৰয়োজন হৈছে বহু পৰিমানৰ ধনৰাশি। নাথৰ চিকিৎসাৰ বাবে ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰিও লাগতিয়াল আৰ্থিক ধনৰাশি যোগাৰ কৰিব নোৱাৰাত পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। অৱশেষত উপায়ন্তৰ হৈ নাথৰ কণ্যাই ফেচবুকৰ জড়িয়তে সুহৃদয়বান লোক তথা চৰকাৰৰ কিছু সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে। আপোনাৰ অলপ সহাঁৰিয়ে হয়তো পৰিয়ালটোলৈ হাঁহি ঘূৰাই আনিব পাৰিব। পৰিয়ালটোক সহায় কৰিবলৈ - ACCOUNT NO- 11857156928,
IFSC NO. - SBIN0005856 অথবা ৬০০০৯৮৫০০৩, ৮৬৩৮৮৪৮২৫৯ নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগৱঢ়াব পাৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা