ভৱানীপুৰত কংগ্ৰেছৰ পৰা দল ত্যাগ কৰাৰ বৈছে সোঁতঃ যুৱ কংগ্ৰেছী নেতা নিতুল দাসৰ দলত্যাগ

ভৱানীপুৰত কংগ্ৰেছৰ পৰা দল ত্যাগ কৰাৰ বৈছে সোঁতঃ যুৱ কংগ্ৰেছী নেতা নিতুল দাসৰ দলত্যাগ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৬ জুলাইঃ আজি ভৱানীপুৰত জাতীয় কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় সদস্য তথা ভৱানীপুৰৰ যুৱ-নেতা নিতুল দাসে দলৰ পৰা অব্যাহতি লয়। দলৰ ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি-সম্পাদকলৈ এখন অব্যাহতি পত্ৰ প্ৰেৰণ কৰি যুৱ-নেতা নিতুল দাসে কংগ্ৰেছ দল ত্যাগ কৰে। নিতুল দাসে ব্যক্তিগত কিছু অসুবিধাৰ বাবে দলত্যাগ কৰা বুলি জনাইছে। উল্লেখ্য যে, যোৱা এসপ্তাহত ভৱানীপুৰত যেন কংগ্ৰেছ দলৰ পৰা দলত্যাগ কৰাৰ এক সোঁত বৈছে। এজনৰ পিছত এজন দলটোৰ সক্ৰিয় নেতা, যুৱ-নেতা দলত্যাগ কৰা পৰিলক্ষিত হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা