শোণিতপুৰৰ খনামুখ ব্যৱসায় কেন্দ্ৰত ৩৩/১১ কেভিৰ শক্তি উপকেন্দ্ৰ মুকলি সাংসদ পল্লৱলোচন দাসৰ

 শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত খনামুখ ব্যৱসায়িক কেন্দ্ৰত আজি ৩৩/১১ কেভিৰ এ পি ডি চি এলৰ শক্তি উপকেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে সাংসদ পল্লৱলোচন দাসে । সাংসদ পল্লৱলোচন দাসে ভাষন প্ৰসংগত কয় যে সৰ্বমুঠ ২ কোটি টকাৰে নিৰ্মিত হোৱা শক্তি উপকেন্দ্ৰটোৰ জৰিয়তে খনামুখ অঞ্চলৰ ৰাইজৰ বাবে বহুত দিনৰ এটা ডাঙৰ সমস্যাৰ সমাধান হয় । ইয়াৰোপৰি জীয়াভৰলী নৈৰ যি বান খহনীয়াৰ সমস্যা সেয়াও মই অতি শীঘ্ৰে ইঞ্জিনীয়াৰৰ লগত আলোচনা কৰি বৃহৎ সমস্যাটোৰ সমাধান কৰাৰো আশ্বাহ প্ৰদান কৰে ৰাইজক । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী কমিচন মিলি । কমিচন মিলিয়ে ভাষন প্ৰসংগত কয় যে খনামুখ অঞ্চলৰ ৰাইজৰ বাবে বহুত দিনীয়া বিদ্যুতৰ সমস্যাৰ সমাধান হোৱাৰ লগতে জীয়াভৰলী বান খহনিয়াৰ ফলত বহুতো দৰিদ্ৰ পৰিয়ালৰ ভূমি ক্ষয়-ক্ষতি হোৱাৰ লগতে খেতি-পথাৰ নষ্ট হোৱাৰ সন্দৰ্ভত গধুৰ মন্তৱ্য প্ৰদান কৰে । 
           
     
জামুগুৰিহাটৰ পৰা : জোন বৰাৰ প্ৰতিবেদন: ২৩ জুলাই

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা