আছিল কৰিঅগ্ৰাফাৰ, হ'ল চাহৰ দোকানী : ভাইৰাছৰ পাৰ্শ্চক্ৰিয়া

ক’ৰনাই সলাই পেলালে বহুতৰে জীৱণশৈলী৷
#নৃত্য প্ৰশিক্ষণৰ ঠাইত জামুগুৰিহাটৰ কৰিঅ’গ্ৰাফাৰ দম্পতীয়ে বাছি ল’লে চাহৰ দোকানৰ ব্যৱসায়।

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৯ জুলাই:সমগ্ৰ পৃথিৱীত মহামাৰী ৰূপ লোৱা কৰ’নাৰ বাবেই যেন সলনি হৈ পৰিছে সৰ্বস্তৰৰ ৰূপৰেখা৷সলনি হৈ পৰিছে মানৱ জাতিৰ জীৱণ শৈলী৷এফালে ক’ৰনাৰ সন্ত্ৰাস আনফালে ক’ৰনাৰ সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰা৷তাৰমাজতেই জীৱন জীৱিকাৰ তাড়নাত বহুতে সলনি কৰিব লগা হৈছে পূৰ্বে জীৱণ জীৱিকাৰ বাবে গ্ৰহণ কৰা কৰ্মপথ৷মহামাৰী সদৃশ ক’ৰনাৰ বাবেই জীৱণ শৈলী সলনি কৰিবলৈ বাধ্য হৈছে জামুগুৰিহাটৰ ভাস্কৰজ্যোতি ভূঞা আৰু স্নেহা ঘোষ ভূঞা নামৰ এহাল দম্পতি৷কেইমাহমান আগলৈকে নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় খুলি শিশুৰপৰা বহু যুৱক যুৱতীক প্ৰশিক্ষণ দি নৃত্যকেই পেছা হিচাপে গ্ৰহণ কৰা জামুগুৰিহাটৰ কৰিঅ’গ্ৰাফাৰ এই দম্পতীহাল এতিয়া ব্যস্ত হৈ পৰিছে চাহ দোকানৰ ব্যৱসায়ীৰূপে৷পূৰ্ৱে পশ্চিম বংগ,কলিকতা,দিল্লীকে ধৰি ৰাজ্যৰ বাহিৰত কৰিঅ’গ্ৰাফাৰ হিচাপে কাম কৰা দুয়ো স্বামী স্ত্ৰী তিনিবছৰ পূৰ্ৱে নিজ ৰাজ্যলৈ উভতি আহি জামুগুৰিহাটৰ চেচাসত্ৰত “দি-বেছ”(D-BASS) নামৰ এখন নৃত্যৰ প্ৰতিষ্ঠান খুলি কণ কণ শিশুৰপৰা যুৱক যুৱতীক নৃত্যৰ প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ পৰিছিল ভাস্কৰজ্যোতি ভূঞা আৰু স্নেহা ঘোষ ভূঞা নামৰ এই দম্পতীহাল৷কিন্তু মহামাৰীসদৃশ কৰ’নাৰ বাবেই বিগত মাহসমুহ বন্ধ কৰি ৰাখিব লগীয়া হৈছিল নৃত্যৰ এই প্ৰতিস্থানটি৷যাৰবাবে মাহিলী ভাড়াত লোৱা প্ৰতিস্থানটিৰ গৃহৰ মাহিলী ধন আৰু দৈনন্দিন জীৱণ-জীৱিকা চলাই যোৱাত অসুবিধাৰ সন্মুখীন হৈছিল দম্পতীহালৰ৷ক’ৰনাৰ সংকটকাল ক্ৰমাৎ বৃদ্ধি পাই অহা তথা সময় বাগৰাৰ লগে লগে জীৱণ আৰু জীৱিকাৰ বাবে দুয়ো স্বামী স্ত্ৰীয়ে জীৱণ শৈলী সলাবলৈ সংকল্প ল’লে আৰু পূৰ্ৱৰ নৃত্যৰ প্ৰশিক্ষণৰ প্ৰতিষ্ঠান “দি-বেছ” (D-BASS) তথা প্ৰতিষ্ঠানটি সলনি কৰি  পৰিবৰ্তন কৰিলে চাহ দোকানলৈ৷য’ত বৰ্তমান উপলব্ধ মাটিৰ কাপত চাহ,দৈ গাখীৰ,ক্ৰীম,পনীৰ,মিঠাই,বেকাৰী,চাউমিন আদি সামগ্ৰী৷কৰিঅ’গ্ৰাফাৰৰ পৰা ধৰি সকলো পূৰ্বৰ কৰ্মক একাষৰীয়াকৈ থৈ বৰ্তমান এক নতুন  কামত হাত দি দম্পতিহালৰ কিছু কষ্ট অনুভৱ হৈছে যদিও ক’ৰনাক প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা কষ্টৰ তুলনাত এই কামত হোৱা কষ্ট তেনেই নগন্য বুলি উল্লেখ কৰি কামত লাজ কৰিব নালাগে আৰু ক’ৰনাক নেঁওচি আমি জীৱণ যুঁজত জয়ী হ’ব লাগিব বুলিও উল্লেখ কৰে দম্পতীহালে৷বিগত সময়ত মুম্বাইৰপৰা প্ৰশিক্ষক আনি প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া দম্পতিহালৰ বহু পৰিকল্পনা আছিল বুলিও উল্লেখ কৰি মহামাৰীৰ এই সংকটৰ সময়ত সময়ৰ লগত খোজ মিলাই চলিবই লাগিব আৰু সেইদৰে সময়ৰ আহবানক আকোৱালী লৈ জীৱণ আৰু জীৱিকাও চলাই যাব লাগিব বুলি ব্যক্ত কৰে ভাস্কৰ আৰু স্নেহা যুটিয়ে৷মহামাৰী ক’ৰনাৰ সংকটকালত জীৱন যুঁজত অৱতীৰ্ণ হৈ এইদৰেই কৰিঅ’গ্ৰাফাৰৰ পৰা সলনি হৈ বৰ্তমান চাহৰ দোকান দি কাম কৰিবলৈ আগবাঢ়ি অহা ভাস্কৰ আৰু স্নেহা যুঁটি সকলোৰে বাবে আদৰ্শ হৈ পৰক আৰু ক’ৰনাৰ লগত হোৱা যুঁজখনক শীঘ্ৰে জয়ী হঁওক মানৱ জাতি৷ঘুৰি আহঁক সেই ক’ৰনা মহামাৰীয়ে দেখা দিয়া পূৰ্বৰ সেই পৃথিৱীখনত চলা সকলোধৰণৰ জীৱণধাৰা আৰু সকলো প্ৰণালী৷
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা