নগাঁৱৰ জামুগুৰিত পিতা-পুত্ৰৰ দেহত ক’ভিড পজিটিভ≈≈অঞ্চলবাসীৰ মাজত আতংক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০  জুলাই : নগাঁও জিলাৰ বেবেজীয়াত দুই স্বাস্থ্যকৰ্মীকে ধৰি চাৰিজন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ চাঞ্চল্য মাৰ নৌ যাঁওতেই ইয়াৰ দাঁতি কাষৰীয়া জামুগুৰিত ভ্ৰমণ বৃত্তান্ত নথকা দুই পিতা-পুত্ৰৰ দেহত কৰ'না ক’ভিড-১৯ পজিটিভ ধৰা পৰা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ জামুগুৰি দগাঁও নিবাসী অৰবিন্দ নাথ( ৫২ )আৰু তেওঁৰ পুত্ৰ ইন্দ্ৰ কুমাৰ নাথ(২৯)ৰ দেহত কৰ'নাৰ উপস্থিতি স্বাস্থ্য বিভাগে নিশ্চিত কৰাত বৃহত্তৰ জামুগুৰি ৰাইজ আতংকিত হৈ পৰিছে ৷ কিয়নো কৰ’নাত আক্ৰান্ত এই পিতা-পুত্ৰৰ নাছিল কোনো ভ্ৰমণ বৃত্তান্ত । আচলতে কিছুদিনৰ পূৰ্বে অৰবিন্দ নাথৰ জ্যেষ্ঠ পুত্ৰ জিতু কুমাৰ নাথে বিশেষ কামত গুৱাহাটীলৈ গৈ উভতি আহি স্বাস্থ্য বিভাগৰ নিয়ম মানি হোম কোৱাৰেন্টাইনত আছিল । ইয়াৰ মাজতে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা স্বাৱ পৰীক্ষাৰ ফলাফলত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত যোৱা ১০ জুলাইত তেওঁক স্বাস্থ্য বিভাগে নগাঁও ভোগেশ্বৰী ফুকননী ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰাই যদিও ১৪ জুলাইত সুস্থ হৈ ঘৰলৈ ঘূৰি আহে । কিন্তু পূৰ্বে সংগ্ৰহ কৰা স্বাৱ পৰীক্ষাৰ ফলাফলত কালি নিশা কৰ’নাৰ পৰা সুস্থ হৈ উঠা যুৱকজনৰ পিতৃ অৰবিন্দ নাথ আৰু ভাতৃ ইন্দ্ৰ কুমাৰ নাথৰ কৰ'না পজিটিভ অহাত আজি পুৱা স্বাস্থ্য বিভাগে দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু এতিয়া এই দুই পিতা-পুত্ৰৰ সংস্পৰ্শলৈ বহু লোক অহাৰ আশংকাত উদ্বিগ্ন কৰি তুলিছে জামুগুৰি অঞ্চলৰ সচেতন ৰাইজক ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা