নগাঁৱৰ কাছমাৰীত ভ্ৰমণ বৃত্তান্ত নথকা লোকৰ দেহত ক’ভিড পজিটিভ

 নগাঁৱৰ কাছমাৰীত ভ্ৰমণ বৃত্তান্ত নথকা লোকৰ দেহত ক’ভিড পজিটিভ≈≈গণ সংক্ৰমণৰ আশংকাত শংকিত ৰাইজ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাৰ বিভীষিকাই সকলোকে ত্ৰাসিত কৰি ৰখাৰ সমান্তৰালকৈ কোনো ভ্ৰমণ বৃত্তান্ত নথকা জিলাখনৰ বহু সংখ্যক লোক কৰ’নাত আক্ৰান্ত হোৱাটোয়ে ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰাৰ সময়তে বেবেজীয়াৰ সমীপৰ কাছমাৰীত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ মতে, কাছমাৰীৰ বৰাগাঁৱৰ প্ৰয়াত ডিম্বেশ্বৰ বৰাৰ পুত্ৰ বিভূতি কুমাৰ বৰা(৫২) কিছুদিন ধৰি জ্বৰ আৰু কাহত আক্ৰান্ত হৈ থকাত যোৱা ১৭ জুলাইত তেওঁ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসকৰ কাষ চাপে ৷ চিকিৎসকে লগে লগে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ কিন্তু কালি নিশা তেওঁৰ স্বাৱ পৰীক্ষাৰ ফলাফলত ক’ভিড পজিটিভ ধৰা পৰাৰ খবৰে এতিয়া স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে ৷ কিয়নো পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে ঘৰৰ সন্মুখতে এখন সৰু গেলামালৰ দোকান দি পৰিয়াল পোহপাল দিয়া এই লোকজনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত ৷ সেয়ে কেনেদৰে এই লোকজন কৰ’নাত আক্ৰান্ত হ’বলৈ পালে তাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰাৰ বিপৰীতে লোকজনৰ সংস্পৰ্শলৈ বহু লোক অহাৰ বিষয়টোয়ে উদ্বিগ্ন কৰি তুলিছে অঞ্চলটোৰ সচেতন মহলক ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা