বঙাইগাঁৱ লুংঝাৰত ৬জন জুৱাৰীক গ্ৰেপ্তাৰ

 ।
বঙাইগাঁৱৰ প্ৰতিবেদক ২৬ এপ্ৰিলঃ-আৰক্ষীৰ জুৱাৰ বিৰূদ্ধে অভিযান অব্যাহত আছে ।
বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত লুংঝাৰত গেৰুকাবাৰী আৰক্ষীৰ জুৱাৰ বিৰুদ্ধে অভিযান । লুংঝাৰৰ পাৰ ঘাটৰ ছবদেৰ আলীৰ নামৰ ব্যক্তিৰ চা দোকানত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ৬জন লোকক গ্ৰেপ্তাৰ  কৰি গেৰুকাবাৰী আৰক্ষীৰ চকীৰ লৈ আনে । জানিব পৰা মতে উক্ত দোকানত জুৱা খেল হৈ থকা আৰক্ষীয়ে খবৰ পাই আহিছিল ।কালি নিশা বিনয় মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ছবদেৰ আলী(২৬) আজিজুল আলী(২৬)জুল হাউচ(২০), মুন্নাত আলী(২৭),শুকুৰ আলী(৩৪),ৰহিম আলী(২৮) গ্ৰেপ্তাৰ কৰাৰ লগতে ১০৪ টা তাচপাতৰ পেকেট, ৪টা মোবাইল, ২০ হাজাৰ ৪০০ শ ২০ টকা  নগদ ধন জব্দ কৰে গেৰুকাবাৰী আৰক্ষীয়ে । জানিব পৰা মতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছয়জন জুৱাৰীৰ কেইটাৰ ভিতৰত মানিকপুৰ  শালমাৰা আৰু বাকী ৫ জনৰ ঘৰৰ মানিকপুৰৰ লুংঝাৰত ।

প্ৰেৰকঃ কুৰবান আলী আহমেদ, বঙাইগাৱ

Comments