ৰঙিয়া তুলসীবাৰীত উচ্ছেদ অভিযান

ৰঙিয়া তুলসীবাৰীত উচ্ছেদ অভিযান । অবৈধভাবে চৰকাৰী ভুমিত থকা ৩১ খন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ । 

নুৰুল আলম,ৰঙিয়া ২৬ এপ্ৰিল:ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভুমি উচ্ছেদ অভিযান অব্যহত থকাৰ সময়তে ৰঙিয়াতো মঙ্গলবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলাই । ভাৰত ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সমিপৰ ৰঙিয়া তুলসীবাৰীত ৰঙিয়া প্ৰশাসনে উচ্ছেদ অভিযান চলাই । তুলসীবাৰী বজাৰৰ এটা অংশ উক্ত অঞ্চলৰ একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা ঘৰ নিৰ্মাণ কৰি অব্যহত ৰাখিছিল ব্যৱসায় ।ৰঙিয়া মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কেইবাবাৰো উচ্ছেদৰ জাননী দিয়াৰ পিচতো গুৰুত্ব দিয়া নাছিল ব্যৱসায়ী সকলে । উপায়ন্তৰ হৈ মঙ্গলবাৰে দিনৰ ভাগত ৰঙিয়া মহকুমা প্ৰশাসনে ব্যৱসায় প্ৰতিষ্ঠান সমুহ উচ্ছেদ কৰে ।পুৱাৰ ভাগৰপৰা মহকুমা প্ৰশাসনে জেচিপি চলাই ১ বিঘা ৩ কঠা মাটিত অবৈধ ভাবে থকা ৩১ খন দোকান ভাঙি পেলাই । ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লিনা পাওয়েৰ নেতৃত্বত যোৱা বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ উপস্থিতিত উচ্ছেদ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা