ধাৰাবাহিক বৰষুণত বিধস্ত ঐতিহাসিক দুৱৰণী আলি* *আমগুৰি গাৱৰ মাজ অংশত পথটো ৰূপান্তৰ হৈছে বৃহৎ পুখুৰীলৈ

**

*শিৱসাগৰৰ বিধায়কে দিয়া আশ্বাস,প্ৰতিশ্ৰুতি নহল পূৰণ*

*গড়-কাপ্টানি-ৰংপুৰ পঞ্চায়তৰ প্ৰতিনিধিৰোঃকাণসাৰ সাৰ নাই*

*দৈনিক আমাৰ প্ৰণাম সেৱা,শিৱসাগৰ,৩০এপ্রিল* 
শিৱসাগৰ নগৰৰ সমীপৰ ঐতিহাসিক দূবৰণি আলিৰ মধ্যভাগ অর্থাৎ আমগুৰি গাঁৱৰ অংশটো ধাৰাবাহিক বৰষুণৰ ফলশ্ৰুতিত সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপ লােৱাত দৈনিক হাজাৰ হাজাৰ পথচাৰীৰ লগতে স্থানীয় ৰাইজে দুর্ভোগ ভুগিব লগাত পৰিছে। ধাৰাবাহিক বৰষুণত পথটো ৰূপান্তৰ হৈছে বৃহৎ গাঁত সদৃশ পুখুৰীলৈ । নিৰ্বাচনৰ আগত  আৰু জয়ী হোৱাৰ পিছত শিৱসাগৰ নৱ -নিৰ্বাচিত বিধায়ক গৰাকীয়ে  উক্ত পথটো পুনৰ নিৰ্মাণ আৰু পথটোৰ এটা পাৰত কোনো নৰ্দমা নথকাত বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া কেৱল প্ৰতিশ্ৰুতিতেই আৱদ্ধ থাকিল। আনকি স্হানীয় ভুক্তভূগী ৰাইজে যাতায়তৰ লগতে স্থানীয়  সমস্যা  হিচাপে বহুবাৰ এইক্ষেত্ৰত বিধায়কৰ লগতে গড়-কাপ্টানি বিভাগতো আবেদন নিবেদন কৰা হৈছিল যদিও কোনো বিষয়ববীয়া তথা  বিভাগীয় ফালৰ পৰা গুৰত্ব প্ৰদান কৰাৰ পৰিলক্ষিত নহল  ।উক্ত ঐতিহাসিক পথটোৰ মেৰামতিৰ বাবে কোনাে ধৰণ গুৰুত্ব প্রদান নকৰাত বহুবাৰ সৰু ডাঙৰ দুর্ঘটনাৰ বাবে আন এক দুৰ্ঘটনালৈ স্থলীলৈ পৰিগণিত  হোৱাৰ অভিযোগ উত্থাপিত হবলৈ ধৰিছে। আহােম ৰাজত্ব কালৰ উক্ত ঐতিহাসিক পথটোৰ প্ৰতি কোনো ধৰণৰ কাণসাৰ যেন জনপ্রতিনিধি কিম্বা বিভাগীয় কর্তৃপক্ষৰো। এই পথটো বগীদ’লৰ পৰা ৰংঘৰ চাৰিআলি হৈ দিচিয়াল মঠাদাঙেদি সংযােগ হৈছেগৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত। প্রায় দহ- পােন্ধৰখন গাঁৱৰ একমাত্র যাতায়াত ব্যৱস্থা এই দূবৰণি আলিটোৰ অৱস্থা বর্তমান অতি দুখলগাই নহয় যমৰ যাতনাৰ দুৰ্ভোগ স্থল বুলিও কলেও সম্প্ৰতি ভুল বুলি কোৱা নহব। পথটোৰ কেৱল আমগুৰি গাঁৱৰ মাজ অংশতেই নহয়, দীঘলীয়া পথটোৰ একো একোটা অংশ এতিয়া পুখুৰী সদৃশলৈ  ৰূপান্তৰিত হৈছে। স্থানীয় লােকৰ  ভাষ্য অনুসৰি, ছাত্র-ছাত্রীসকলে   অন্যহাতে, আমগুৰি গাঁৱৰ মধ্য অংশৰ পথটোৰ এটা পাৰত পানী যােৱা নর্দৰ্মৰ ব্যৱস্থা আছে যদিও আনটো পাৰত পানী যােৱাৰ কোনাে ব্যৱস্থা নাই। কাৰণ এচাম ব্যক্তিয়ে নিজা গৃহটোৰ বাৰাণ্ডা পথটোলৈ আগবঢাই আনি বা এচামে সম্পূৰ্ণ পথলৈ পকীকৰণ কৰি লৈছে যদিও পানী ওলাই যোৱাৰ বাবে নিজা ঘৰৰ আগত কোনো ব্যৱস্থা কৰি নোলোৱাটো আন এটা সমস্যা বুলি বহুজনে ব্যক্ত কৰিছে। ফলত পানী অহা-যােৱা কৰা নর্দমাৰ ব্যৱস্থা নথকাত এজাক বৰষুণতেই পথটোৰ মাজ অংশত পানী জমা হৈ থকা বাবে পথটোৰ এনে ভগ্নপ্রায় অৱস্থা হৈছে। আনহাতে পূৰ্বতে ৰাংচলীয়া গাৱখনৰ সন্মূখতে থকা এটি পুৰণি পানী যোৱা পুল আছিল যদিও তাকো পুতি পেলোৱাত পানী চলাচল কৰিব নোৱাৰি পথৰ দুয়োকাষৰ পানীয়ে পথটো পুখুৰী সদৃশলৈ ৰূপান্তৰ কৰিছে। যাৰ পৰিপেক্ষিতত  পথটো শোচনীয় তথা ধ্বংসৰ দিশে গতি কৰিছে। উল্লেখ্য যে, শিৱসাগৰ জিলাখনৰ আটাইতকৈ ডাঙৰ পঞ্চায়ত হিচাপে পৰিগণিত ৰংপুৰ পঞ্চায়তখনৰ অন্তৰ্গত উক্ত অংশটো জোলাগাঁও আদর্শ গাঁৱত অন্তর্ভুক্তি যদিও পঞ্চায়তখনৰ কোনাে এগৰাকী প্রতিনিধিৰ দৃষ্টিগােচৰ নােহােৱাটো পৰিতাপৰ বিষয় বুলিও মত পোষণ কৰিছে সচেতন মহলে ।  আদৰ্শ গাৱৰ অন্তভূক্তি নোহোৱাৰ পূৰ্বে পঞ্চায়তখনৰ সভাপতি গৰাকীক নলা নিৰ্মাণৰ বাবে অৱগত কৰিছিল যদিও নৰ্দমা বনাবলৈ কোনো চৰকাৰী আঁচনি নাই বুলি কোৱাত ৰাইজে বিধায়ক বা গড়-কাপ্টানি বিভাগলৈ বাট চাব লগা হয়। কিন্ত পঞ্চায়তখনৰ সভাপতিগৰাকীয়ে নলা নৰ্দমা নতুন নিৰ্মাণ কৰিবলৈ কোনো আচনি নাই বুলি কোৱাৰ পিছতো হাতীখোকৰ হাইদৰ ফকীৰ পথৰ নলা কেনেকৈ নতুনকৈ নিৰ্মাণ কৰা হল বা ৰুদ্ৰসাগৰ পঞ্চায়তৰ অধীনত ঢুলীয়াপাৰ অঞ্চলটো কেনেকৈ নলা নিৰ্মাণ হল তাক লৈও স্থানীয় তথা সচেতন ৰাইজৰ মাজত বহু প্ৰশ্ন উত্থাপন হৈছে। এই ক্ষেত্ৰত জিলা উপায়ুক্তক এক উচিত তদন্তৰ পোষকতা কৰিছে ভোক্তভোগী ৰাইজে। স্থানীয় ৰাইজে অভিযােগ উত্থাপিত কৰা মতে, শিৱসাগৰৰ গড়কাপ্টানী বিভাগৰ পথ সংমণ্ডলৰ মুখ্য অভিযন্তাগৰাকীলৈ স্থানীয় বিধায়ক অখিল গগৈয়ে লিখিতভাৱে পথটোৰ সন্দৰ্ভত তদন্ত কৰিবলৈ দিয়াৰ পিছতাে কিয় বিহিত ব্যৱস্থা গ্রহণ নকৰিলে ইও  এক ৰহস্যৰ আৱর্তত আছে ।এই সমগ্ৰ বিষয়টোৰ সমাধানৰ ক্ষেত্ৰত শীৰ্ষ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছে বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে ।আনহাতে স্থানীয় ৰাইজে বিষয়টোৰ সন্দৰ্ভত পুনৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছে যদিও জন প্ৰতিনিধি হিচাপে  বিধায়ক গৰাকীয়ে ঐতিাসিক পযৰ্টন নগৰী হিচাপে গঢ়ি তুলাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ বা গুৰুত্ব প্ৰদান কৰিব সময়ত হে লক্ষণীয় বিষয় হব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা