নলবাৰীত আপৰ গণ যোগদান কাৰ্যসূচী

###   ###         ###কৃষক মুক্তিৰ নেতা কৰ্মী , সমাজকৰ্মীকে  ধৰি শতাধিকৰ যোগদান ###     দৈনিক আমাৰ প্ৰণাম  সেৱা :: নলবাৰী :: ২৭  এপ্ৰিল ::;;;; সদ্য সমাপ্ত পৌৰ সভা আৰু  গুৱাহাটী পৌৰ নিগমৰ নিৰ্ব্বাচনৰ জড়িয়তে    অসমৰ ৰাজনীতিত প্ৰৱেশ কৰা অৰবিন্দ কেজিৱালৰ আম আদমী পাৰ্টী চমুকৈ আপে  ৰাজ্যৰ প্ৰতিটো নিৰ্ব্বাচনত যেনে অহাবছৰ ৰাজ্যত অনুষ্ঠিত  হব লগা পঞ্চায়ত  নিৰ্ব্বাচন , ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত  গুৰুত্বপূৰ্ণ ভূমিকা লৈ প্ৰতিদ্বিন্দ্বিতা কৰাৰ লগতে মূল্যবোধৰ ৰাজনীতি কৰিবলৈ সাজু হৈ পৰিছে বিৰোধী দলটোৱে  । ইতিমধ্যে আপে  যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰা আৰু  পৰিশৰ বৃদ্ধিৰ বাবে হাতে কামে লাগিছে আপৰ নেতৃত্ব ।  সেই অনুসৰি  আপ নলবাৰী জিলা সমিতিৰ উদ্যোগত   মংগলবাৰে  সন্ধিয়া নলবাৰী প্ৰেছ ক্লাৱত এখন গণ যোগদান কাৰ্যসূচী  অনুষ্ঠিত হৈ যায় ।   নলবাৰী জিলা আপ ৰ সমন্বয়ক আনচুল হকৰ সভাপতিত্বত অনুষ্ঠিত গণ যোগদান কাৰ্যসূচীত উপস্থিত থাকি ভাষণ দিয়ে  আপ নলবাৰী জিলা সমিতিৰ সম্পাদক তথা ৰাজ্যিক মূখপত্র পংকজ লোচন ডেকা , আপ অসম ৰাজ্যিক সমিতিৰ  মূখ্য আইনী  পৰামৰ্শদাতা নাৰয়ণ দত্ত ভূঞা কে ধৰি আপ নলবাৰী জিলা সমিতিৰ বহুকেইজন  নেতাই । উক্ত গণ যোগদান কাৰ্যসূচীত  ভাষণত   আপ নলবাৰী জিলাৰ সমন্বয়ক  আনচুল হকে কয় অসমত চুনামী হৈ আহিছে আম আদমী পাৰ্টী । এই চুনামীৰ আগত সকলো সৰ্ম্পদায়ী  শক্তি শেষ হৈ যাব । নতুন কামৰ ৰাজনীতি আৰম্ভ হব যত নাথাকিব হিন্দু মুছলমানৰ কথা , যত নাথাকিব জাতি ভেদৰ কথা , যত নাথাকিব ধনী দুখীয়াৰ কথা । সকলো সমান অধীকাৰ পাব  এই চৰকাৰ অহা নিৰ্বাচনত অসমত গঠন হব ।  এই গণযোগদান কাৰ্যসূচীত নলবাৰী জিলা   কৃষক মুক্তি সংগ্ৰাম   সমিতিৰ সদ্যপদত্যাগী সাধাৰণ সম্পাদক দ্বীপেন কলিতা , কাৰ্যকৰী সভাপতি মনোজ ডেকা , সাংগঠনিক সম্পাদক আব্দুচ চুবাহান , প্ৰচাৰ সম্পাদক বীৰেণ ডেকাকে ধৰি জাতীয় সংগঠনটোৰ নেতা কৰ্মী , কেইবাগৰাকী সমাজকৰ্মী কে ধৰি শতাধিক লোকে আম আদমী পাৰ্টীৰ নীতি আদৰ্শ আৰু কাম কাজৰ প্ৰতি আৰ্কষিত হৈ যোগদান কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা