গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ #

 প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯  এপ্ৰিলঃ বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ অপৰেশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত  আজি   আদালতে দলিত নেতা গৰাকীক  জামিনত মুকলি কৰি দিয়ে ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত  আজি  জিগনেশ মেৱানিক বৰপেটা   সদৰ আৰক্ষী  থানাৰ পৰা আদালতলৈ লৈ অহা হয়   ৷  গুৱাহাটীৰ পৰা যোৱা ২১ এপ্ৰিলত  কোকৰাঝাৰ অভিমুখে আহি থকা থকা সময়ছোৱাত এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শক বলপূৰ্বক ভাবে  কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলোৱাৰ উপৰি অশ্লীল গালি গালাজ কৰা  বুলি জিগনেশ মেৱানীৰ বিৰুদ্ধে উত্থাপিত হৈছিল এক গুৰুতৰ অভিযোগ ৷
উক্ত অভিযোগ সন্দৰ্ভত যোৱা ২১ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে  জিগনেশ মেৱানিৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষী থানাত গোচৰ তৰিছিল ৷
 জিগনেশ মেৱানীক  ২৫ এপ্ৰিলত   বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰ  আৰক্ষীৰ পৰা চমজি লৈছিল ৷ইপিনে জিগনেশ মেৱানিক বাৰে বাৰে কাল্পনিক  গোচৰত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ   কংগ্ৰেছ কমিটিয়ে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা