বাতৰি

Covid Review Meeting: দেশত বাঢ়িছে কোৰোনাৰ আশংকা, মুখ্যমন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠকত প্ৰধানমন্ত্ৰী



কোৰোনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক পৰ্যালোচনামূলক বৈঠকত অংশ লয়। বৈঠকত ( virtual Covid review meeting ) প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বাকী দেশৰ তুলনাত কোৰোনাৰ ওপৰত ভাৰতে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে যদিও কোৰোনাৰ প্ৰত্যাহ্বান এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিহত হোৱা নাই। তেওঁ এইক্ষেত্ৰত ইউৰোপৰ দেশবোৰৰ কথা উনুকিয়াই কোৰোনাৰ প্ৰকাৰ অ'মিক্ৰনে মহাদেশখনত সৃষ্টি কৰা গুৰুতৰ পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে (Prime Minister Narendra Modi) লগতে উল্লেখ কৰে যে যোৱা কেইমাহমানত কোৰোনাৰ নতুন প্ৰকাৰবোৰৰ ঘটনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত সকলোকে সতৰ্ক থকাৰ আহ্বান জনায় মোদীয়ে। কোৰোনাৰ লগতে বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিষয়টো উত্থাপন কৰে।
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয়- যোৱা দুসপ্তাহ ধৰি কোৰোনা সংক্ৰমণক লৈ সতৰ্ক হ'ব লাগিব। ২ বছৰৰ ভিতৰত দেশখনে কোৰোনা সম্পৰ্কীয় প্ৰতিটো ক্ষেত্ৰত স্বাস্থ্য আন্তঃগাঁথনিৰ পৰা অক্সিজেন যোগানলৈকে যি প্ৰয়োজন সেয়া কৰিছে। সেয়েহে তৃতীয় ঢৌত পৰিস্থিতি অনিয়ন্ত্ৰিত হোৱাৰ কোনো খবৰ অহা নাছিল,

তেওঁ কয় যে তৃতীয় ঢৌৰ সময়ত আমি প্ৰতিদিনে ৩ লাখৰো অধিক ঘটনা দেখিছিলো। আমাৰ সকলো ৰাজ্যই সেইবোৰো চম্ভালিছিল। আন সকলো সামাজিক, অৰ্থনৈতিক কাৰ্যকলাপো ত্বৰান্বিত হৈছিল। কোৰোনা কালত কেন্দ্ৰ আৰু ৰাজ্যসমূহে যিদৰে একেলগে কাম কৰিছিল, আৰু যিসকলে কোৰোনাৰ বিৰুদ্ধে দেশৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, মই সকলো কোৰোনা যোদ্ধাক প্ৰশংসা কৰোঁ।

প্ৰধানমন্ত্ৰী মোদীয়ে টিকাকৰণৰ পৰিসংখ্যা গণনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়- আজি ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯৬% লোকে ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে। ১৫ বছৰতকৈ অধিক বয়সৰ প্ৰায় ৮৫% শিশুৱে দ্বিতীয় পালি প্ৰাপ্ত কৰিছে। মাৰ্চ মাহত আমি ১২-১৪ বছৰ বয়সৰ শিশুৰ বাবে টিকাকৰণ আৰম্ভ কৰিছিলোঁ। মঙলবাৰে, ৬-১২ বছৰ বয়সৰ শিশুৰ বাবেও ভেকচিনৰ অনুমতি দিয়া হৈছিল।



মন্দিৰৰ শোভাযাত্ৰাত শোকাৱহ দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ১১ জন নিহত, আহত ১৫

উৎসৱৰ আনন্দ মুহূৰ্ততে পৰিণত হৈছিল শোকসাগৰত। তামিলনাডুত (Tamil Nadu) এটা মন্দিৰৰ কাৰ্যসূচী  অনুসৰি শোভাযাত্ৰা কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ১১জন লোক মৃত্যুমুখত পৰে। মৃতসকলৰ ভিতৰত দুটা শিশুও আছিল।

এই ঘটনা আজি পুৱা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ এটা মন্দিৰত ৰথযাত্ৰাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। ১১জন লোকৰ মৃত্যুৰ উপৰি ১৫জনৰো অধিক লোক আহত হয় এই ঘটনাত।
জানিব পৰা মতে, শোভাযাত্ৰাৰ (Temple Chariot Procession) সময়ত ব্যৱহাৰ কৰা বাহনখন ওপৰৰ লাইনৰ সংস্পৰ্শলৈ আহে আৰু লগে লগে বিদ্যুৎস্পৃষ্ট হৈ ১১জন লোক মৃত্যুমুখত পৰে (electrocution during a chariot procession)। উল্লেখ্য, প্ৰতিবছৰে তামিলনাডুত বাৰ্ষিক ৰথ উৎসৱত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ পিছত মৃতকৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে। তেওঁ মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ প্ৰতিশ্ৰুতি দিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও এই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে।




৬ বছৰীয়া শিশুৰ হ'ব প্ৰথম শ্ৰেণীত নামভৰ্তি ! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সিদ্ধান্তকে বাহাল ৰাখিলে ...

কেন্দ্ৰীয় বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে নিম্নতম বয়সৰ সীমা এতিয়া ছয় বছৰ হ'ব। উচ্চতম ন্যায়ালয়ে (SC) কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ (KVS) সিদ্ধান্ত বজাই ৰাখিছে। KVSৰ সিদ্ধান্তক প্ৰথমে উচ্চ ন্যায়ালয়ত আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। অৰ্থাৎ, ২০২২-২৩ বৰ্ষৰ অধিৱেশনত, কমেও ৬ বছৰ বয়সৰ শিশুসকলক প্ৰথম শ্ৰেণীত ভৰ্তি কৰা হ'ব। আগতে, ৫ বছৰীয়া শিশুক প্ৰথম শ্ৰেণীত নামভৰ্তি কৰা হৈছিল।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ৰ ১১ এপ্ৰিলৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা এখন আবেদন খাৰিজ কৰিছিল। বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ ওপৰত আমাৰ তেওঁলোকৰ সৈতেও সন্মতি আছে। কেভিএছে দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত যুক্তি দিছিল যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি দশম শ্ৰেণীত নামভৰ্তিৰ নিম্নতম বয়স বৃদ্ধি কৰা হৈছে। কেভিএছে এই যুক্তিও খণ্ডন কৰিছিল যে সিদ্ধান্তটোৱে শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰিছে।



মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ৫০০০ টকা উৎকোচ, আৰক্ষীৰ জালত GMCHৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী

GMCHৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ৫০০০ টকা উৎকোচ লোৱাৰ অভিযোগত আটক কৰা হয়। মেডিকেল কলেজখনৰ forensic বিভাগত কৰ্মৰত কৰ্মচাৰীগৰাকী গৌতম দাস বুলি জানিব পৰা গৈছে।


গৌতম দাসে মৰণোত্তৰ প্ৰমাণ পত্ৰৰ বিনিময়ত GOOGLE PAYযোগে ধন লৈছিল আগৰৱালা উপাধিৰ এগৰাকী ব্যক্তিৰ পৰা। এই ঘটনা সন্দৰ্ভত GMCH কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছত মেডিকেল কলেজখনৰ অধীক্ষক অভিজিৎ শৰ্মাই দাখিল কৰে এজাহাৰ।


এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Published by:Gautam Barman


Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা