*অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ঐতিহাসিক শিৱদৌল পৰিদৰ্শন*

*অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ঐতিহাসিক শিৱদৌল পৰিদৰ্শন*
আমাৰ প্ৰণাম শিৱসাগৰ: ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল পৰিদৰ্শন কৰে। অহা ২১ জুনৰ যোগ দিৱসৰ পূবে ২ মে'ত  কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত   শিৱদৌল প্ৰাংগন আৰু সন্মুখত  বিশেষ যুগ  কাৰ্যসূচী ৰূপায়ন কৰিব। সেয়েহে বুধবাৰে শিৱদৌলৰ চৌহদ পৰ্যবেক্ষণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। আন্তজাৰ্তিক  যোগ দিৱসলৈ ৫০ দিন বাকী থকা অৱস্থাত যোগক অধিক ফলপ্ৰসূ হিচাপে ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদেশ্য ২ মে' ত শিৱসাগৰত  বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি উল্লেখ কৰে সৰ্বানন্দ সোনোৱালে । তেওঁ আৰু কয় যে সমগ্ৰ কাৰ্যসূচীত ৰাইজৰ সহযোগীতা কামনা কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে ২ মে'ত ৭৫০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব যোগ কাৰ্যসূচীত । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও উত্তৰ-পূবৰ আন তিনি-চাৰিখন ৰাজ্যৰ মূখ্যমন্ত্ৰী উপস্থিত থাকিব। শিৱদৌল পৰিদৰ্শনৰ পিছতে যোগ কাৰ্যসূচী সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনৰে এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে  ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ তপন কুমাৰ গগৈকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা