নগাঁৱত ৰকিবুল হুছেইনৰ সংবাদ মেল

নগাঁৱত ৰকিবুল হুছেইনৰ সংবাদ মেল ।

জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তিৰ দাবী ।

বিশেষ বাৰ্তা ,নগাঁও , ২২ এপ্ৰিল , গুজৰাটৰ পৰা কংগ্ৰেছ নেতা তথা বিধায়ক জিগনেশ মেৱানীক অসম পুলিচে গ্ৰেপ্তাৰ কৰি কোকোৰাঝাৰলৈ অনা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে অসমৰ কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। আজি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত ৰকিবুল হুছেইনে বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গুজৰাটৰ এই বিধায়ক গৰাকী এগৰাকী দলিত বিধায়ক আৰু কংগ্ৰেছৰ নেতা । এটা টুইত সংক্ৰান্তীয় গোচৰৰ আলম লৈ বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ আমি তীব্ৰ নিন্দা কৰিছো। অসমত এনে ধৰনৰ বহু ঘটনা সংঘটিত হৈছে। কিন্তু অসম পুলিচে এনেবোৰ ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । এটা টুইটৰ বাবে গুজৰাটৰ বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্য অতি দূৰ্ভাগ্যজনক । চৰকাৰৰ এনে ধৰনৰ কাম কাজে আমাৰ লগতে সচেতন মহলক হতবাক কৰি তুলিছে। চৰকাৰৰ এনে দমন মূলক কাম কাজে কংগ্ৰেছক কেতিয়াও ভীতিগ্ৰস্ত কৰিব নোৱাৰে বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে কয়- বিজেপিত এতিয়া ডাঙৰ প্ৰতিযোগিতা চলিছে। বিজেপিৰ কোনজন নেতাই কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰ চাপিব পাৰে তাৰেই প্ৰতিযোগিতা চলিছে। তেওঁ লগতে কয় যে অসমত এনে ধৰনৰ ঘটনা বহুত আছে। প্ৰধানমন্ত্ৰীক ইয়াতকৈও বেয়াকৈ কোৱা নজিৰ অসমত আছে। প্ৰধানমন্ত্ৰীক এনেদৰে আক্ৰমণ কৰা কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষীক গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰি নিৰপেক্ষতাৰ পৰিচয় দিবলৈ হুছেইনে আহবান জনাই। তেওঁ লগতে কয় কংগ্ৰেছৰ সকলো নেতা কৰ্মী প্ৰদেশ কংগ্ৰেছ আৰু সচেতন ৰাইজ জিগনেশ মেৱানীৰ লগত আছে। প্ৰদেশ কংগ্ৰেছ আৰু কংগ্ৰেছ বিধায়ীনী দলৰ এটা প্ৰতিনিধি দল কাইলৈ কোকোৰাঝাৰলৈ গৈ জিগনেশ মেৱানীক সাক্ষাৎ কৰিব । প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মূখ্যমন্ত্ৰীক গুজৰাটৰ বিধায়ক গৰাকীক বিনা চৰ্তে মুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায়। অন্যথা কংগ্ৰেছ দলে গনতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে হুছেইনে । সংবাদ মেলত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাকে ধৰি বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা