বিজনী উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

 ।

সংবাদ দাতা :- ৰাজীৱ বৰ্মন 

দৈনিক আমাৰ প্ৰণাম ,৩০ এপ্ৰিল , চিৰাং 
--------------------------------------
চিৰাঙৰ বিজনীৰ উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উলুবাৰী উচ্চতৰ  মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী  সভাপতি সিদ্ধান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উলুবাৰীৰ অঞ্চলৰ দুগৰাকী সমল ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সভাত উলুবাৰীৰ পৰা গৈ পশ্চিম বংগৰ জলপাইগুৰি মহকুমাত ডি.আৰ.ই.অ উচ্চ আশনত অধিষ্ঠিত হোৱা উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড০ অনিল ৰঞ্জন সৰকাৰ আৰু ভাৰতৰ বতৰ বিজ্ঞানৰ  গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ  বৈজ্ঞানিক বাবুলাল‌ মণ্ডলক এখন গমোচা, এখন মেগাজিনেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইফালে এই সভাতে উলুবাৰী এবছু ইউনিট কমিটিৰ পৰা ব্যক্তি দুগৰাকীক একোখন আৰোনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অতিথি হিচাপত উপস্থিত থাকে -
ড° অনিল ৰঞ্জন সৰকাৰ পত্নী জয়শীলা সৰকাৰ ,
তেখেতৰ জীয়ৰী -জলপাইগুৰী আনন্দ চন্দ্ৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা - আছীমা সৰকাৰ ,
ভাৰতৰ  বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰাক্তন বৈজ্ঞানিক * কানাই চৰন সৰকাৰ , শিশু কল্যাণ এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক * বিশেশ্বৰ মৈত্ৰীকো সম্বৰ্ধনা জনায় ।
এই সভাত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে আছু ,এবছু , বঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু আগছুৰ স্থানীয় নেতা কৰ্মী সকল উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা