উচ্ছেদিত পৰিয়ালৰ হাহাকাৰ , নাই অন্ন বস্ত্ৰ , নাই ঈদৰ আনন্দ । । ঈদৰ পূৰ্বে উচ্ছেদিতক আৰ্থিক সাহাৰ্য্য দিয়াৰ দাবী দৰং নেমছু'ৰ

দৰঙ ২৭ এপ্ৰিল::: একমাহ ৰোজা ৰখাৰ পিচত সমাগত ঈদৰ আনন্দই উল্লাসিত হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।বিগত দুটা বছৰত মহামাৰী কৰোণা ভাইৰাছৰ বাবেই ঈদৰ আনন্দ উপভোগ কৰিব পৰা নাছিল মুছলমান লোকসকলে। আগন্তুক ঈদ উপলক্ষে বজাৰ সমাৰ কৰাত ব্যস্ত হৈ পৰিছে সকলোৱে।নিজৰ লগতে পৰিয়ালৰ সদস্য সকলৰ বাবে নতুন নতুন কাপোৰ কিনিবলৈ আৰম্ভ কৰিছে।কিন্তু ঈদৰ আনন্দই ঢুকি পোৱা নাই গৰুখুটিৰ উচ্ছেদিত লোকসকলৰ মাজত। উচ্ছেদিত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নাই অন্ন বস্ত্ৰ , নাই ঈদৰ আনন্দ ।সকলো সম্পদ হেৰুৱাই ঢলপুৰ আৰু গৰুখুটিৰ উচ্ছেদিত লোকে তিৰপাল আৰু টিঙৰ তলত থাকি কচু-বন খাই জীয়াই থাকিব লগা হৈছে। গৰুখুটিৰ উচ্ছেদিত লোকসকলক ঈদৰ পূৰ্বেই আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাইছে নেমছুৱে।
আনহাতে একাংশ ব্যক্তিৰ দালালি,ব্যক্তি স্বাৰ্থ আৰু দৰং জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ বাবেই আজিলৈ পুনৰসংস্থাপন নহল। এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে দৰং জিলা নেমছু'ৰ সভাপতি ছাবিনুৰ আলি আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে আবু ছায়েদ আনছাৰী আৰু জামানুৰ আলিয়ে অতি দুখেৰে জনায় যে চৰকাৰ আৰু জিলা প্ৰশাসনৰ যি দায়িত্ব আৰু কৰ্তব্যৰ লগতে প্ৰতিশ্ৰুতিবোৰ আজিও ৰূপায়ন নহল। যাৰবাবে প্ৰতিদিনে চকুলো টুকি এক দুখৰ জীৱন কটাব লগীয়া হৈছে উচ্ছেদিত লোকসকলে। পৱিত্ৰ ৰমজানৰ সময়ত অনাহাৰে একাংশই ৰোজা ৰাখিছে আকৌ ইফতাৰত ফলমূল কিনিবলৈ নাই টকা। গতিকে নিৰুপাই এই লোকসকল এতিয়া কত যাব,কি খাব আৰু কি কৰিব। শিক্ষাৰ পৰা বঞ্চিত হৈছে শিশুসকল,নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, যাতায়তৰ বাবেও নাই উপযুক্ত ব্যৱস্থা।মুঠতে যমৰ যন্ত্ৰণাত চটফটাই দিন পাৰ কৰিছে এইসকল লোকে।ইফালে আকৌ  সংখ্যালঘুৰ বিপদত যিসকল সংখ্যালঘু নেতাই ধন লোৱাৰ যি বিভিন্ন অভিযোগ উত্থাপন হৈছে তেওঁলোকক নেমছু'ই  জাতিদ্রোহী আখ্যা দিছে। লগতে তেওঁলোকে কয় যে জাতিৰ বিপদৰ সময়ত ধন লৈ মাটি দিয়া সকল সমাজৰ আচল আৱৰ্জনা। এওঁলোকক ৰাইজে ভালদৰে চিনি থওক।ধন লোৱাৰ বিভিন্ন অডিঅ',ভিডিও ইতিমধ্যে সামাজিক মাধ্যমত ৰাজহুৱা হৈছে । ধনৰ লেনদেন কৰা নেতাক সংখ্যালঘু ৰাইজে কোনো দিনে গুৰুত্ব দিব নালাগে বৰঞ্চ ৰাইজে ধন লোৱাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰিব লাগে আৰু দিয়া টকা ঘূৰাই বিচাৰিব লাগে।সংস্থাপনৰ বাবে মাটি নিদিয়াৰ ভয় দেখুৱাই,ভাল মাটি দিয়া, আনফালে দখল মাটি উচ্ছেদিতক সংস্থাপনৰ বাবে নিদিম বুলি কৈ একাংশই টকা লোৱা সকলে টকা ঘূৰাই দিবলৈ সকীয়াই দিয়া হল।উচ্ছেদিত ৰাইজে ভয় কৰিব নালাগে নেমছুকে আদি কৰি বহু দল-সংগঠন আৰু  ৰাইজ আপোনালোকৰ লগত আছে। আৰু যদি অন্য কোনোবাই ধন লৈছে তেওঁলোকৰ নামো ৰাজহুৱা কৰিব লাগে।যদি দৰং জিলা প্ৰশাসনে ধন লোৱা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নলয় তেন্তে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ প্ৰদান কৰে নেমছু'ৰ দৰং জিলা সমিতিয়ে। 

আবুল হাছেম
দৰঙ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা