বঙাইগাঁওৰ গৰাইমাৰীত পদ্মাৱতী কনস্টাকচনত দুইজন চোৰ কৰায়ত্ত



দৈনিক আমাৰ প্ৰণাম ,২৯ এপ্ৰিল , চিৰাং 
-------------------------

বঙাইগাঁওৰ গৰাইমাৰীৰ Padmavati CONSTRUCTION ত বৃহস্পতিবাৰে সন্ধিয়া  দুই লোহা চোৰ কৰায়ত্ব কৰা হয় । ধৃত চোৰ দুটা ক্ৰমে  জেল হক(২৬, লক্ষীপুৰ,১ নং নাচনকুৰী) আৰু খলিল শ্বেখ(২১, গৰাইমাৰী)। উল্লেখ্য  হুছেইন আলী শ্বেখ(২১, গৰাইমাৰী) নামৰ আন এটা সহযোগী চোৰ পলাতক হৈ আছে। উল্লেখ্য  গৰাইমাৰীৰ Padmavati CONSTRUCTION ৰ পৰা কিছুদিন পূৰ্বে জেল হকৰ নেতৃত্বত খলিল শ্বেখ আৰু হুছেইন আলী শ্বেখ নামৰ চোৰ তিনিটাই  ১৬৯০ কিলোগ্ৰাম লোহাৰ ৰোড চুৰি কৰিছিল । চুৰি লোহা বিক্ৰী কৰিছিল গেৰুকাবাৰীৰ ভঙা-চিঙা সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ী বেনু দে'ক। বৃহস্পতিবাৰে সন্ধিয়া Padmavati CONSTRUCTION ৰ একাংশ কৰ্মীয়ে কৌশলেৰে উক্ত চোৰ দুটাক কৰায়ত্ব কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা