নগাঁৱত আই পি এল জুৱাৰ বৃহৎ চক্ৰ উৎখাত , ছজন গ্ৰেপ্তাৰ ।

নগাঁৱত আই পি এল জুৱাৰ বৃহৎ চক্ৰ উৎখাত , ছজন গ্ৰেপ্তাৰ । 
বিশেষ বাৰ্তা , নগাঁও , ২১ এপ্ৰিল , ক্ৰিকেটৰ হাই প্ৰফাইল প্ৰতিযোগিতা আই. পি. এল আৰম্ভ হোৱাৰ দিন ধৰি নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰন্তত আই পি এলৰ জুৱাৰ এক ৰমৰমীয়া ব্যবসায় চলি আছে । প্ৰতি দিনেই আই পি এলৰ খেল আৰম্ভ হোৱাৰ লগে লগে চলে আই পি এল জুৱাৰ বৃহৎ আড্ডা । নগাঁও আৰক্ষীয়ে আই পি এল জুৱাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ অংশ হিচাপে যোৱা নিশা অভিযান চলাই ছজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও চহৰৰ সমীপৰ কাতিমাৰী গ্ৰাণ্টৰ আব্দুল ৰহমানৰ ঘৰত আই পি এল জুৱাৰ আড্ডা বহাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্ববাং আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ৰহমানৰ ঘৰত অভিযান চলাই ছজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজন হল আব্দুল ৰহমান, ৰফিকুল ইছলাম, নজৰুল ইছলাম, ইমৰান হুছেইন, আনাৰুল ইছলাম আৰু নজৰুল ইছলাম। 
উল্লেখ যে ধৃত ৰফিকুল ইছলাম নগাঁও বিশেষ কাৰাগাৰৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জুৱাৰীৰ দলটোৰ পৰা দুই লক্ষাধিক টকা আৰু জুৱাত ব্যবহাৰ কৰা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা