নৱম শ্ৰেণীৰ ছাত্ৰীক কু-প্ৰস্তাৱ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক

নৱম শ্ৰেণীৰ ছাত্ৰীক কু-প্ৰস্তাৱ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক


ছাত্ৰীক কু-প্ৰস্তাৱ দি গ্ৰেপ্তাৰ শিক্ষক। হাইলাকান্দি সদৰ আৰক্ষী চকীৰ আৰক্ষীয়ে আজি স্থানীয় কলেজ ৰোড এলেকাৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আনন্দ স্বৰূপ নামৰ এগৰাকী গৃহ শিক্ষকক । তেওঁক এজনী নৱম শ্ৰেণীৰ ছাত্ৰীক কু-প্ৰস্তাৱ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণী মতে, যোৱা বুধবাৰে সন্ধিয়া হঠাতে উত্তপ্ত হৈ উঠে হাইলাকান্দি চহৰৰ কলেজ ৰোড এলেকা। এই এলেকাত ঘৰ ভাৰা কৰি ছাত্ৰ-ছাত্ৰীক প্ৰাইভেট কৈ পাঠদান কৰা এগৰাকী শিক্ষক আনন্দ স্বৰূপৰ বিৰুদ্ধে ঘৰত মাতি নি ছাত্ৰীৰ কু-প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰে নৱম শ্ৰেণীত অধ্যয়নৰত এজনী ছাত্ৰীয়ে।

এই বিষয়ে জানিব পাৰি স্থানীয় ৰাইজে অগ্নিশৰ্মা হৈ শিক্ষকজনক জবাবদিহি কৰাৰ লগতে সামান্য উত্তম-মধ্যমো দিয়ে। ইপিনে, আজি এই ঘটন‍া সম্পৰ্কে ছাত্ৰীৰ পিতৃয়ে হাইলাকান্দি সদৰ আৰক্ষী চকীত এটা গোচৰ ৰজু কৰে।

হাইলাকান্দি আৰক্ষীয়ে গোচৰটো ১৩৭ / ২২ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (এ) ২৯৪ আৰু পক্চো ( POCSO ) এক্টৰ ১২ নম্বৰ ধাৰাত ৰেজিষ্টাৰ কৰি শিক্ষকজনক গ্ৰেপ্তাৰ কৰে।

ইপিনে, গৃহ শিক্ষকজনক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহে আন এক তথ্য। তেওঁ আচলতে কৰিমগঞ্জ জিল‍‌াৰ ৰাতাবাৰি সমষ্টিৰ কালিবাড়ী উচ্চ মাধ্যমিক চৰকাৰি বিদ্য‍লয়ৰ বিজ্ঞান শিক্ষক। কিন্তু তেওঁ হাইলাকান্দি চহৰতে থাকি গৃহ শিক্ষকৰ ৰূপত কাম কৰি আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা