মৰাণত কৃতী শিক্ষক , সমাজ সংগঠক ৰামজী চাহুৰ ৭২ সংখ্যক ওপজা দিন পালন


অম্লান কাশ্যপ চাহা, আমাৰ প্ৰণাম বিশেষ সেৱা,
বিশ্বনাথ ২৭ এপ্ৰিল:-  ডিব্ৰুগড় জিলাৰ মৰাণৰ কুশল নগৰৰ নিবাসী বিশিষ্ট সমাজ সংগঠক ,  অৱসৰ  প্ৰাপ্ত কৃতী শিক্ষক ৰামজী চাহুৰ ৭২ সংখ্যক ওপজা দিনটো কালি সন্ধিয়া চাহুৰ নিজা বাসভৱনত সদৌ অসম চাহু বৈশ্য সন্মিলনৰ মৰাণ শাখাই বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে । এই উপলক্ষে মৰাণ শাখা চাহু বৈশ্য সন্মিলনৰ সভাপতি ওঁম প্ৰকাশ চাহুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম চাহু বৈশ্য সন্মিলনৰ সাধাৰণ সম্পাদক তিলক চাহুৱে । সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহন কৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰাজীৱ বৰা আৰু মৰাণৰ জ্যেষ্ঠ সাংবাদিক তথা মৰাণ মহকুমা সাংবাদিক মঞ্চৰ কাৰ্যকৰী সভাপতি বাছা বৰা, সদৌ অসম চাহু বৈশ্য সন্মিলনৰ কাৰ্যকৰী সভাপতি জনকৰাম চাহুৱে     । ৰামজী চাহুৰ সান্নিধ্য লাভ কৰা মৰাণৰ চাহু বৈশ্য সন্মিলনৰ বিষয় -ববীয়া শত্ৰুঘ্ন  চাহু , ৰঞ্জিত চাহু , অভিনব চাহু , নয়নমণি বৰা চাহু , কৃষ্ণ চাহুৱে ব্যক্তি গৰাকীৰ কৰ্মৰাজি সম্পৰ্কে আলোকপাত কৰে । সভাত ৰামজী চাহুক  সদৌ অসম চাহু বৈশ্য সন্মিলনৰ  মৰাণ শাখাৰ  তৰফৰ পৰা  ফুলাম গামোচা , শৰাই , মানপত্ৰৰে সন্মান  যঁচাৰ উপৰিও স্থানীয় বহু সংখ্যক লোকে গামোচা -চেলং আদিৰে ওপজা দিনৰ শুভেচ্ছা জনাই দীৰ্ঘায়ু তথা সু-স্বাস্থ্য কামনা কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা