কংগ্ৰেছৰ ধৰ্মঘটত উত্তাল বৰপেটাঃ এগৰাকী জনপ্ৰতিনিধিক শাস্তি দি বাক্ স্বাধীনতা খৰ্ব কৰিছে-ভূপেন বৰা #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ এপ্ৰিলঃ  গুজৰাটৰ দলিত সম্প্ৰদায়ৰ নেতা তথা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰৰ প্ৰতিবাদতত অাজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দিনটোতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যখনৰ জিলাই জিলাৰ সদৰত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছে। অাজি পূৱা ১১ বজাৰ পৰা এক বজালৈ বৰপেটা মিলিনিয়াম পাৰ্কত জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ অাৰু  কংগ্ৰেছ বিধায়কসকলৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশ লৈ নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ,জিগনেশ মেৱানীক মুক্তি দিয়ক, কংগ্ৰেছ জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ অাদি ধ্বনিৰে উত্তাল কৰে মিলেনিয়াম পাৰ্ক। ধৰ্মঘটস্থলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমক জানিব দি কয় যে,গুজৰাটৰ এগৰাকী সন্তান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অাজি অসমলৈ অাহিছে। একেদৰে গুজৰাটৰ অান এগৰাকী সন্তান যিখন বিধানসভাত মুখ্যমন্ত্ৰী অাছিল নৰেন্দ্ৰ মোদী। সেইখন বিধানসভা জিগনেশ মেৱানী সদস্য অাছিল। পিছে সেইগৰাকী মেৱানীক অসম পুলিচে অন্যায়ৰ অাশ্ৰয় লৈ অন্যায়ভাৱে,বে-অাইনীভাৱে কাৰাৰুদ্ধ কৰিছে। মেৱানীয়ে জামিন পায়, অাকৌ গ্ৰেপ্তাৰ কৰে, সকলোবোৰ মনেসজা অাৰু কাল্পনীক গোচৰত গ্ৰেপ্তাৰ কৰি ৰাখিছে। এগৰাকী জনপ্ৰতিনিধিক শাস্তি দি বাক্ স্বাধীনতা খৰ্ব কৰা হৈছে। কিন্তু কিমান অপৰাধীয়ে মুক্ত অাকাশৰ তলত বীৰদৰ্পে ঘূৰি-ফুৰি অাছে। সভাপতি বৰাই অাৰু কয় যে,একাংশ সংবাদ মাধ্যমত বিজেপিয়ে চলে-বলে হাত কৰিছে। সামাজিক মাধ্যমক বিজেপিয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। টুইটাৰ-ফেচবুককো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইবাবে ভাৰতবৰ্ষৰ যিবোৰ শক্তিশালী কট্টৰ বিজেপি অাৰ এছ এছৰ স্বৰূপ উদঙাবলৈ যিসকল লোক অাছে, সেইবোৰক ভয় খুৱাবলৈ জিগনেশ মেৱানীক গুজৰাটৰ পৰা অানি কোকৰাঝাৰ, কোকৰাঝাৰৰ পৰা বৰপেটা এনেধৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। গণতন্ত্ৰক হত্যা কৰিবলৈ,বাক্ স্বাধীনতাক হত্যা কৰিবলৈ,ক্ষমতাক অপব্যৱহাৰ কৰিবলৈ অসমৰ বিজেপি নেতৃত্বাধীন ড° হিমন্ত বিশ্ব শৰ্মাই যি উদ্ভাণ্ডলি কৰিবলৈ লৈছে সেই উদ্ভাণ্ডলী অাৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে অাজি গোটেই অসমতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছো। অতিশীঘ্ৰে জিগনেশ মেৱানীক মুক্তি দি গুজৰাটলৈ পঠিয়াই নিদিয়ে,তেতিয়া হলে অামাৰ অান্দোলন অতি শক্তিশালী হ'ব বুলিও বৰাই দৃঢ়তাৰে কয়। দলিতৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ হৈছে,ৰাইজৰ শক্তিশালীৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ হৈছে,এই ষড়যন্ত্ৰত জিগনেশ মেৱানী অকলশৰীয়া নহয়। প্ৰদেশ কংগ্ৰেছৰ লগতে সমগ্ৰ অসমৰ ৰাইজ জিগনেশৰ লগত অাছে। জিগনেশ মেৱানীয়ে বিজেপি অাৰ এছ এছৰ গুজৰাটত ২৫ বছৰীয়া শাসন কালত দলিতসকলৰ বিৰুদ্ধে যি বঞ্চনা সেইবোৰ তেওঁ ফাদিল কৰিছে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় যে,জিগনেশ মেৱানীক যিদিনালৈ মুক্তি নিদিয়ে তেতিয়ালৈকে অামাৰ অান্দোলন অব্যাহত থাকিব। অতিশীঘ্ৰে বজেপিৰ অশংকাৰ দৰ্প হ'ব। ধৰ্মঘটকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰৱেশৰ চেষ্টা চলাওঁতে তেওঁলোকক অাৰক্ষীয়ে অাটক কৰি সদৰ থানালৈ লৈ যায়। উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি লৈ যায় যদিও পিছলৈ এৰি দিয়ে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা