বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন

◼️বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন•••
◼️ এইবাৰ মুক্তিযোদ্ধা  মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ প্ৰদান হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক /অনুষ্ঠানৰ বিশিষ্ট অতিথি যাদৱ চন্দ্ৰ শৰ্মা

আমাৰ প্ৰণাম সেৱা, বিহালী: ২৬ এপ্ৰিল:
◼️ আজি বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাগৃহত   বিহালী প্ৰেছ ক্লাবৰ বৰ্ষজোৰা  ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সফল সামৰণি পৰে৷
১৯৯৫ চনৰ ১ জানুৱাৰীত গঠন হোৱা বিহালী প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী কাৰ্যসূচী আজি সামৰণি পৰে। বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাগৃহত,  মহাবিদ্যালয়খনৰ  অধ্যক্ষ জীৱন চন্দ্ৰ নাথে উদ্ধোধন কৰা  অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃনালিনী শৰ্মাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ  শৰ্মা, অসম বাৰ্তাজীৱি সংঘৰ ৰাজ্যিক সভাপতি টুটুমনি ফুকনকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷
আজি পুৱা গছপুলি ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক  শৰ্মাই৷ 
আনহাতে বিহালী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা কালৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, সম্পাদক তথা শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাকে প্ৰ্মুখ্যে বৰ্তমানলৈকে সভাপতি-সম্পাদকৰ পদ অলংকৃত কৰা ৭ গৰাকী ব্যক্তিক এখন গামোছা আৰু এক স্মাৰকৰে সম্বৰ্দ্ধনা জনোৱা হয়৷
সামৰণি অনুষ্ঠানত নৃত্য-গীতেৰে অনুষ্ঠানভাগ জীপাল কৰে বিহালী স্নাতক মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে৷  
উল্লেখ্য যে- বিহালী প্ৰেছ ক্লাৱে এইবৰ্ষৰ পৰা আগবঢ়োৱা--"মুক্তিযোদ্ধা মোলান চন্দ্ৰ  শৰ্মা সোঁৱৰণী  সাংবাদিকতা বটাঁ'' প্ৰথমবাৰলৈ আগবঢ়োৱা হয় হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক৷
 নিজৰ ভাষন প্ৰসংগত বঁ‌টা প্ৰাপক দাসে বিহালী প্ৰেছ ক্লাৱে স্বাধীনতা সংগ্ৰামীৰ নামত  সাংবাদিকতা বঁ‌টা প্ৰদান কৰা আৰু অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাংবাদিক সকলক একেখন মঞ্চত ধৰি ৰখাৰ প্ৰচেষ্টাক  শলাগ লয় । 
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে বিশ্বনাথৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়া, বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিং, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিৰণ্য হাজৰিকা, আপকুৰ উপসভাপতি হেমন্ত শইকীয়া, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞা, বিশ্বনাথ জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি নগেন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ।
বিহালী প্ৰেছ ক্লাৱৰ মুখপত্ৰ 'সংবাদ আৰু সাংবাদিক' উন্মোচন কৰে ৰঙিয়া মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া তথা বিশ্বনাথৰ প্ৰাক্তন তথ্য আৰু  জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই ।
 -----------------------------------------দিগন্ত কুমাৰ দাস , বিহালী ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা