আন্তৰ্জাতিক শ্ৰমিক দিৱস

আন্তৰ্জাতিক শ্ৰমিক দিৱস ----
              এক চমু অৱলোকন
_________________________
              সীতা দেৱী,
           বিহপুৰীয়া, লখিমপুৰ।

      এক মে'ৰ দিনা সমগ্ৰ বিশ্বতে শ্ৰমিকসকলৰ প্ৰতি সন্মান জনাই আন্তজাৰ্তিক শ্ৰমিক দিৱস বা মে'দিৱস পালন কৰা হয়। ১৮৮৬চনৰ ১মে' তাৰিখে যূক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হে- মাৰ্কেটত শ্ৰমিকসকলৰ ওপৰত কৰা গুলি চালনাৰ ফলত ১১জন শ্ৰমিক নিহত হৈছিল পিছলৈ তেওঁলোকক স্বহীদ ঘোষণা কৰা হয়। 
        শিল্প বিপ্লৱৰ পিছৰে পৰা শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লগা হৈছিল। কিয়নো সেই সময়ত বুজন পৰিমাণৰ কল কাৰখানা স্থাপিত হৈছিল আৰু পুঁজিপতি শ্ৰেণীটোৰ সৃষ্টি হৈছিল। এই পুঁজিপতি শ্ৰেণীটোয়ে নগণ্য মজুৰিৰ বিনিময়ত শ্ৰমিকসকলক ১২-১৮ ঘন্টা লৈ কামত খটোৱা পৰিলক্ষিত হৈছিল। প্ৰতিবাদী শ্ৰমিকসকলক শাৰিৰীক শাস্তি প্ৰদান কৰিছিল। সেয়ে এই নিষ্পেষিত শ্ৰেণীৰ লোকৰ শ্ৰম কৰাৰ বাদে অন্য উপায় নাছিল।
          উনবিংশ শতিকাৰ মাজভাগৰ পৰা কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছ আদিয়ে এক সংগঠন সৃষ্টি কৰে আৰু  মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে। কালক্ৰমত এই প্ৰতিবাদৰ ঢৌ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰণ ঘটিছিল। ফলস্বৰূপে ১৮৬৪ চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ জন্ম হয়।১৮৮৪ চনত শ্ৰমিক সংস্থা সমুহ একত্ৰিত হৈ এটা ফেডাৰেচন গঠন কৰে। এই ফেডাৰেচনে প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে ১৮৮৬ চনৰ ১ মে' তাৰিখৰ পৰা সকলো শ্ৰমিকে দৈনিক ১৮ ঘন্টাৰ পৰা ২০ ঘন্টা লৈ কাম কৰাৰ পৰিৱৰ্তে ৮ঘন্টা হে কাম কৰিব বাকী ১৬ঘন্টা বিশ্ৰাম ও বিনোদনৰ মাজেৰে পাৰ কৰিব।এই কথা কাৰ্যকৰী কৰাৰ দাবীৰে আন্দোলন আৰম্ভ কৰি তীব্ৰ প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ লয়। তাৰ পৰিণতিত ১৮৮৬ চনত ১১ গৰাকী শ্ৰমিক শ্বহীদ হৈছিল।এই ঘটনাৰ পাছতে শ্ৰমিক সকলৰ মনত ক্ষোভৰ জুই জ্বলি উঠিল। বহু কেইজন শ্ৰমিক নেতা গ্ৰেপ্তাৰ হৈছিল আৰু  প্ৰাণদণ্ডৰে দণ্ডিতও হৈছিল। অৱশেষত ১৮৮৯চনৰ ১৭জুলাই তাৰিখে পেৰিছত  অনুষ্ঠিত হোৱা শ্ৰমিক আন্তজাৰ্তিক সন্মিলনত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ১৮৯০চনৰ ১মে' তাৰিখৰ পৰা বিশ্বত আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ'ব।
      শ্ৰমিকৰ কামৰ সময় নিৰ্দ্ধাৰণ কৰাৰ বাবে জন্ম হোৱা শ্ৰমিক আন্দোলনে সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।নিষ্পেষিত শ্ৰমিকসকলৰ সাহস আৰু আত্মত্যাগৰ ফলস্বৰূপে বিশ্বৰ শ্ৰমিক কৰ্মচাৰীৰ কামৰ সময় ৮ঘন্টা নিৰ্দিষ্ট হ'ল।
         অধিকাৰৰ হকে শ্ৰমিক সকলে দীৰ্ঘ দিন ধৰি প্ৰতিবাদ আৰু আন্দোলন কৰি অহাৰ পিছতো এতিয়াও আমাৰ ভাৰতকে আদি কৰি বিভিন্ন দেশত শ্ৰমিক শ্ৰেণী নিষ্পেষিত, শোষিত হৈ অহা পৰিলক্ষিত হৈছে। তেওঁলোকও মানুহ যন্ত্ৰ নহয়। তেওঁলোকৰও সমস্যা আছে। শ্ৰমিকৰ উন্নয়নৰ বাবে থকা চৰকাৰৰ বিভিন্ন বিভাগ সমূহে তেওঁলোকৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা উচিত।ক'ৰোনা মহামাৰীয়ে শ্ৰমিকসকলৰ জীৱনলৈ অমানিশা নমাই অনাৰ কথা আমাৰ সকলোৰে জ্ঞাত।
     দেশৰ অৰ্থনীতিৰ মূল চালিকাশক্তি শ্ৰমিক সকলক প্ৰয়োজনীয় সা- সুবিধা প্ৰদান কৰি তেওঁলোকক উৎসাহিত কৰাটো আমাৰ সকলোৰে পৰম কৰ্তব্য। আজিৰ এই পবিত্ৰ দিনটোত বিশ্বৰ সমূহ শ্ৰমিকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা