চৰকাৰ আহে চৰকাৰ যায় প্ৰতিশ্ৰুতি সমূহ প্ৰতিশ্ৰুতি হৈয়ে ৰয়।

চৰকাৰ আহে চৰকাৰ যায় প্ৰতিশ্ৰুতি সমূহ প্ৰতিশ্ৰুতি হৈয়ে ৰয়। জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল যাত্ৰা কণ কণ শিশুৰঃ ৰাইজৰ গাঠিৰ ধনেৰে প্ৰতিবছৰ নিৰ্মান কৰে প্ৰায় ২০০ মিটাৰ বাহঁৰ সাঁকো । 


  বঙাইগাঁওৰ প্ৰতিবেদক ২৮ এপ্ৰিলঃ- বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি তথা বিধায়ক আব্দুল বাতিন খন্দকাৰৰ সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাৱঁৰ উন্নয়নৰ বাস্তৱ দৃশ্যই উদঙাই দিছে বিগত দিনৰ জনপ্ৰতিনিধি সকলোৰ কৰ্ম দক্ষতা । একাংশ লোকে ক'ব বিচাৰে যে প্ৰত্যেক জন ৰাজনৈতিক নেতাৰ অভিশাপত অভিশপ্ত এই খন গাঁও। স্বাধীনতাৰ আজি ৭৫ বছৰ পাৰ হৈ যোৱাৰ পিছতো শৌলমাৰীৰ পোকালাগী নদীৰ ওপৰত আজিকোপতি নহল এখন কাঠৰ দলং। বিভন্ন সময়ত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছে, উন্নয়নৰ নামত বিভিন্ন আঁচনি ৰূপায়ন কৰিছে কিন্তু কোনো আঁচনিৰ অধীনত নপৰিল শৌলমাৰী গাওঁ খন । বিগত সময়ত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত কংগ্ৰেছ চৰকাৰৰ সু-দৃষ্টি নপৰিল এই গাওঁখনলৈ।এই খন সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ অসমত চৰকাৰ গঠন কৰা কংগ্ৰেছ চৰকাৰে এই খন গাৱঁলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। এই খন সমষ্টিৰ পৰা  অসম গণ পৰিষদ দলৰ চাৰি বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল শ্ৰীযুত ভূপেন ৰায়। সু দীৰ্ঘ ২০ টা বছৰ বুকু ভৰা আশা লৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল ভূপেন ৰায়ক কিন্তু আশানুৰূপ ফল নাপালে শৌলমাৰী বাসী ৰাইজে। বিভিন্ন সময়ত ভূপেন ৰায়ক এই বিষয়ে অৱগত কৰিছিল যদিওঁ ভূপেন ৰায়ে হব বাৰু, ছাম বাৰু, দিম বাৰু কৈ সান্তনা দিছিল বুলি উল্লেখ কৰে ৰাইজে ।  চাৰিবাৰকৈ বিধায়ক হোৱাৰ পিছতো যেতিয়া দলং খন নহল তেতিয়া ৰাইজৰ বিকল্প চিন্তাৰ ফলত এই খন সমষ্টিত কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় আব্দুল হাই নাগৰী। ইতিমধ্যে বিধায়ক আব্দুল হাই নাগৰীৰ দুটা কাৰ্যকালৰ সমাপ্ত হৈ গল । স্থানীয় ৰাইজৰ অভিযোগ মতে নাগৰিকো বাৰম্বাৰ অনুৰোধ জনাই আহিছিল এই দলং খনৰ বাবে কিন্তু ৰাইজৰ কথাত কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছিল অঞ্চলব্যাপী । বিধায়ক আব্দুল হাই নাগৰীয়ে একাংশ চেলা চামুণ্ডাৰ বাহিৰে কাৰো কথাত কোনো গুৰুত্ব নিদিয়াৰ বাবে ৰাইজ অসন্তুষ্ট হৈ পৰিছিল আৰু এই বাৰ আব্দুল বাতিন খন্দকাৰক বিধায়ক হিচাপে নিৰ্বাচিত কৰে । 
 উল্লেখ্য যে এই খন সাকোৰ ওপৰেদি প্ৰায় ১০/১২ খন বিদ্যালয় - মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নিতৌ অহা যোৱা কৰাৰ লগতে প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজে অনৱৰতে চলা চল কৰিব লগা হয়। সাকৌখনৰ সি পাৰত এটা সপ্তহিক বজাৰো আছে। যাৰ বাবে ব্যৱসায়ী সকলে মাল বস্তু পাৰা পাৰ কৰাত এক প্ৰকাৰ যমৰ যাতনাত ভুগিব লগা হৈছে। বাৰিষা কালত নদীৰ বাঢ়নী পানীয়ে দলং খন যেতিয়া উঠাই নিয়ে তেতিয়া দুয়োপাৰৰ ৰাইজৰ মাজত সম্পূৰ্ণ যাতায়ত বিচ্ছিন্ন হয় আৰু বিদ্যালয় লৈ যাব নোৱাৰে ছাত্ৰ ছাত্ৰী সকল। প্ৰতি বছৰে সাকো খন ৰাইজৰ গাঠিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হয় বুলি ৰাইজে জানিব দিয়ে । দলং খন প্ৰতি বছৰ নিৰ্মান কৰোতে প্ৰায় ২ লাখ টকা খৰছ হয় যি টকা সমূহ অতিকৈ পিছপৰা শৌলমাৰী বাসী ৰাইজে ভৰিব লগা হয়। এই বছৰ দলং খন নতুনকৈ নিৰ্মাণ কৰোতে আনুমানিক ১ লাখ ৩০ হাজাৰৰ ওপৰত খৰছ হোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজে। কিছুমান সচেতন ব্যক্তিৰ ভাষ্য মতে বুজা যায় যে এই দলং খনক এই অঞ্চলৰ ৰাইজৰ ভোট আদায়ৰ এটা উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে ৰাজনৈতিক দল তথা নেতাবোৰে । কিয়নো প্ৰতিবাৰ নিৰ্বাচনৰ সময়ত বাঘা বাঘা নেতা সকল আহি মেল পাতি ৰাইজক আশ্বাস দিয়ে যে এই বাৰ দলঙৰ কাম আৰম্ভ কৰিম আপোনালোকে আমাক নিৰ্বাচনত জয়ী কৰক। অতিকৈ সহজ সৰল ৰাইজে সেই কথাত ভোল গৈ ভোট দি জয়ী কৰাৰ পিছত কামৰ কথা টো নাহেই সেই জন প্ৰতিনিধিৰ মুখ খন দৰ্শন কৰিবলৈ আকৌ নিৰ্বাচনৰ সময় লৈকে অপেক্ষা কৰিব লাগে বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে । দলং খনেৰে জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল ভাবে যাতায়ত কৰিব লগা হয় কণ কণ শিশু তথা ছাত্ৰ ছাত্ৰী সকলে যাৰ বাবে বৰকৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।  কংগ্ৰেছৰ প্ৰতাৰণাৰ বলি হোৱা ৰাইজে পৰিৱৰ্তনৰ শ্লগান দি ৰাজ্য আৰু কেন্দ্ৰত চৰকাৰ গঠন কৰা বি জে পি চৰকাৰে যাতে এই শৌলমাৰী গাৱঁৰ পোকালাগী নদীৰ ওপৰত এখন কাঠৰ দলং হলেও নিৰ্মাণ কৰি দি এই যমৰ যাতনাৰ পৰা ৰক্ষা কৰে তাৰ বাবে বিনম্ৰ অনুৰোধ জনায় মূখ্যমন্ত্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ।
কিন্তু. মনকৰিবলগীয়া কথা টো  প্ৰতাৰণা কৰাৰ বাবে যোৱা ১৩।০৯।২০২০ ইং তাৰিখত বিধায়কৰ পুত্তলিকা দাহৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় স্থানীয় ৰাইজে ।এই খবৰ পাই বিধায়ক আব্দুল হাই নাগৰীয়ে ৮ নং জপেয়া-নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম, নাম্বাৰপাৰা-চাকলা গাওঁ পঞ্চায়তৰ সভানেত্ৰী হৈ তাইৰ স্বামী তোফাজ্জল হুছাইন শৌলমাৰী খন্ডৰ পঞ্চায়ত সদস্যা অমেলা খাতুনৰ স্বামীক বিধায়কৰ প্ৰতিনিধি হিচাপে পঠাই দি প্ৰতিবাদ স্থগিত ৰাখিবলৈ অনুৰোধ জনায় লগতে জিলা পৰিষদ সদস্য খাইৰুল ইছলামে ১৫ দিনৰ ভিতৰত দলঙৰ কামৰ আধাৰশিলা স্থাপন কৰি কাম আৰম্ভ কৰিব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে। ৰাইজে জানিব দিয়া মতে বিধায়ক জনে ইয়াৰ আগতেওঁ কেইবাটাওঁ প্ৰতিশ্ৰুতি ভংগ কৰিছে এই দলং খনক লৈ । তথাপিওঁ ৰাইজে বিধায়কৰ প্ৰতিনিধি সকলোৰ কথা মতে ১৫ দিনৰ বাবে প্ৰতিবাদ স্থগিত ৰাখে। পিছত প্ৰতিশ্ৰুতিৰ সময় উকলি যোৱাৰ বাবে ৰাইজে ২।১০। ২০২০ তাৰিখত দলঙৰ পাৰত পুনৰ এক প্ৰতিবাদ কাৰ্যসূচী হাতত লৈ বিধায়ক আব্দুল হাই নাগৰীৰ অকৰ্মণ্য বুলি অভিহিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৭৪ বছৰে কৰিব নোৱাৰা কাম ১৫ কৰাৰ প্ৰতিশ্ৰুতি দি লোক চক্ষুৰ পৰা বিধায়ক আৰু নেতা কৰ্মী সকলে পলাই ফুৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে। এতিয়া বৰ্তমানৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে কেনে গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হব । বৃহত্তৰ অঞ্চলৰ  ৰাইজে বিভাগীয় মন্ত্ৰীক অনুৰোধ জনায় যাতে দীৰ্ঘদিনৰ সমস্যা সমাধান কৰে। 

প্ৰেৰকঃ কুৰবান আলী আহমেদ, কোকিলা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা