নাগ্ৰীজুলিত সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ কৰ্মশালা সমাপ্ত।

নাগ্ৰীজুলিত সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ কৰ্মশালা সমাপ্ত। 

নয়নজ্যোতি দাস, তামুলপুৰ, ২৪ এপ্ৰিল- 

অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ উদ্যোগত তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি শংকৰদেৱ সাংস্কৃতিক মহাবিদ্যালয়ৰ দ্বাৰা ২২, ২৩ আৰু ২৪ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে  ''নৃত্যৰ ছন্দে ছন্দে'' শীৰ্ষক সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ তিনিদিনীয়া  কৰ্মশালা অনুষ্ঠিত হৈ যায়। নাগ্ৰীজুলিস্থিত শংকৰদেৱ একাডেমী জাতীয়  বিদ্যালয়ত অনুষ্ঠিত এই তিনিদিনীয়া  কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সত্ৰীয়া নৃত্য শিল্পী কুশল ডেকা আৰু মাজুলীৰ  কমলাবাৰী সত্ৰৰ বিশিষ্ট খোল বাদক কিৰণ বৰাই  শতাধিক প্ৰশিক্ষাৰ্থীক সত্ৰীয়া নৃত্য, মাটি আখৰা  আৰু খোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাৰ আজি  সামৰণি অনুষ্ঠান উপলক্ষে দিনৰ ১২-৩০ বজাত   শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কুমাৰ  দাসৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয়। আজিৰ এই সভাত উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়াৰ উপৰিও   প্ৰশিক্ষক আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সত্ৰীয়া নৃত্য শিল্পী কুশল ডেকা আৰু খোল বাদক  কিৰণ বৰা, খাটাৰবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাস, নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ সভাপতি নৱজিৎ দাস, সম্পাদক ক্ষীতিশ দাস, যুৱ সমাজকৰ্মী জোনমনি দাসৰ উপৰিও ভালে সংখ্যক বিশিষ্ট ব্যক্তি, বিদ্যালয়খনৰ আচাৰ্য-আচাৰ্যা, প্ৰশিক্ষাৰ্থী আৰু অভিভাৱক- অভিভাবিকা সকল উপস্থিত থাকে। আজিৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে খোল বাদন, মাটি আখৰা, কৃষ্ণ নৃত্য আদিকে ধৰি প্ৰশিক্ষণত আয়ত্ত কৰা  বিভিন্ন নৃত্য আৰু কলা সমূহ প্ৰদৰ্শন কৰি উপস্থিত  সকলোকে আপ্লুত কৰে। সভাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ মাজত সত্ৰ  মহাসভাৰ পৰা একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। 

N. B. Pls find photos.

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা