তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত অষ্টম বাৰ্ষিক বসন্ত উৎসৱ উদযাপনৰ আয়োজন
তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত অষ্টম বাৰ্ষিক বসন্ত উৎসৱ উদযাপনৰ আয়োজন
===================================
নয়নজ্যোতি দাস, তামুলপুৰ ২২ এপ্ৰিলঃ
তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত অহা ছয় মে'ৰ দিনা দিনজোৰা কাৰ্যসূচীৰে অষ্টম বাৰ্ষিক বসন্ত উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা চাৰে সাত বজাত তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ পতাকা উত্তোলন কৰিব যুৱ মঞ্চৰ সভাপতি ধ্ৰুৱজ্যোতি ঠাকুৰীয়াই । পুৱা আঠ বজাত বিহুৰ পতাকা উত্তোলন কৰা হব ।মুখ্য উত্তোলক হিচাৱে উদযাপন সমিতিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে প্ৰথমখন পতাকা উত্তোলন কৰিব । ইয়াৰ পিচতে সহযোগী উত্তোলক উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি ডাঃ গৌতম মেধি আৰু নৰেন মেধি, প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়ো, প্ৰাক্তন কাৰ্যকৰী সভাপতি অনুপ নাথ, প্ৰাক্তন উপ-সভাপতি চক্ৰধৰ তালুকদাৰ আৰু ৰবেন ৰাভাই । তামুলপুৰ যুৱ মঞ্চৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ দাসে বিহুৰ পতাকা উত্তোলন কৰিব । পুৱা চাৰে আঠ বজাত স্মৃতি তৰ্পন আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰিব পূৱ-বাক্সা মৌজাৰ মৌজাদাৰ মিনতি ডেকাই, বাক্সা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সোনেশ্বৰ কলিতা আৰু তামুলপুৰ ব্ল'ক ইউপিপিএলৰ সম্পাদক কবিন বসুমতাৰীয়ে । পুৱা ন বজাত মুখ্য ৰভা উদ্বোধন কৰিব বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভাই । পুৱা চাৰে ন বজাত পিঠা-পনা প্ৰতিযোগিতা উদ্বোধন কৰিব যুৱ সমাজকৰ্মী দয়াল দাসে । পুৱা দহ বজাত চিত্ৰ শিল্পী অনিল বড়ো আৰু প্ৰসাদ তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত হবলগীয়া চিত্ৰাঙ্কন প্ৰতিযোগিতাখনি উদ্বোধন কৰিব টিচিএলচিচিৰ অধ্যক্ষ পৱিত্ৰ নাৰ্জাৰীয়ে । পুৱা এঘাৰ বজাত অনুষ্ঠিতব্য কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰিব তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়োই । অনুষ্ঠানটো পৰিচালনা কৰিব দ্বীজেন কুমাৰ দাস, ডুলুজিৎ দাস আৰু অম্লানজ্যোতি দেউৰীয়ে । সন্ধিয়া ছয় বজাত বন্তি প্ৰজ্বলন কৰিব সাংসদ নৱকুমাৰ শৰনীয়াই । সন্ধিয়া পাচ বাজি পোন্ধৰ মিনিটত মঞ্চ উদ্বোধন কৰিব তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে । সন্ধিয়া পাচ বাজি বিশ মিনিটত "নৱগঠিত তামুলপুৰ জিলালৈ আদৰনি" অনুষ্ঠানটো উদ্বোধন কৰিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । সন্ধিয়া চাৰে পাচ বজাৰ পৰা শৰনীয়া-কছাৰী, ৰাভা কৃষ্টি আৰু বৈশাগু নৃত্য প্ৰদৰ্শন আৰু বিহু নৃত্য প্ৰদৰ্শন । সন্ধিয়া সাত বজাত লেহোৰাম বড়ো সোৱৰনী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই । উদ্বোধনী অনুষ্ঠানৰ পিচতে সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব । যুৱ সাহিত্যিক বঁটা প্ৰাপ্ত কবি দ্বীজেন কুমাৰ দাস আৰু দিপান্তী ঠাকুৰীয়াই আত ধৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত অসমৰ দৰদী কন্ঠ শিল্পী গীতালী দেৱী আৰু বিৰাজ মুছাহাৰীৰ গীতৰ শৰাই আগবঢ়োৱা হব ।
******************
Comments
Post a Comment