জনিয়াৰ কাদং পশু চিকিৎসা উপ-কেন্দ্ৰৰ মহম্মদপুৰত এফ এম ডিৰ পশু ভেকচিন প্ৰদান

# জনিয়াৰ কাদং পশু চিকিৎসা  উপ-কেন্দ্ৰৰ মহম্মদপুৰত এফ এম ডিৰ পশু ভেকচিন প্ৰদান #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৪ এপ্ৰিলঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মহম্মদপুৰত মন্দিয়া খণ্ড পশু চিকিৎসালয়ৰ অধীনস্থ কাদং পশু চিকিৎসালয় উপ-কেন্দ্ৰৰ দ্বাৰা অাজি গৰু আৰু ম'হক এফ এম ডি ভেকচিন প্ৰদান কৰা হয়। উল্লেখ্য যে,২০ এপ্ৰিলৰ পৰা অাৰম্ভ হোৱা গৰু আৰু ম'হৰ  চবকা, মুখত ঘাঁ হোৱা অাদি ৰোগৰ বাবে এই ভেকচিন দিয়ে।  সমষ্টিখনৰ কাদং  পশু  চিকিৎসা  উপ-কেন্দ্ৰৰ চিকিৎসকে মহম্মদপুৰ গাঁওৰ গৃহস্তৰ ঘৰে-ঘৰে গৈ প্ৰতিটো মতা আৰু মাইকী গৰু ম'হক এই ভেকচিন প্ৰদান কৰে। স্মৰ্তব্য যে,  কাদং পশু চিকিৎসা উপ-কেন্দ্ৰৰ  ক্ষেত্ৰ সহায়ক ভি এফ এ ইনামুল হক অাৰু পশু সখী হাওৱা খানমৰ  লগতে কাদং পশু চিকিৎসালয়ৰ  চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ছায়েদ আলীয়ে উপস্থিত থাকি ভেকচিন সমূহ প্ৰদান কৰে। এই ভেকচিন গৰু-ম'হৰ বাবে স্বাস্থ্য সন্মত বুলি তেওঁলোকে জানিবলৈ দিয়ে । সম্প্ৰতি চৰকাৰে পশুৰ বাবে ভেকচিন প্ৰদান  কৰা  এনেকাৰ্যক গৃহস্থৰ লগতে সচেতন ৰাইজে ভূয়ঁসী প্ৰশংসা কৰে।( ফটো আছে )

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা